Breaking

বৰপেটা বিদ্যাপীঠ হাইস্কুল খেলপথাৰত ৪ৰ্থ বৰপেটা গ্ৰন্থ উৎসৱ ২০২৩ৰ লাইখুঁটা স্থাপন কৰা হয়

0 86

আজি বৰপেটা বিদ্যাপীঠ হাইস্কুল খেলপথাৰত ৪ৰ্থ বৰপেটা গ্ৰন্থ উৎসৱ ২০২৩ ৰ লাইখূটা স্থাপন কৰা হয়। বৰপেটাৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত ৪ৰ্থ বৰপেটা গ্ৰন্থ উৎসৱ ২০২৩ লাইখূটা স্থাপন কৰে শিক্ষাবিদ তথা বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই। লাইখুটা স্থাপন কৰি বিশিষ্ট সাহিত্যিকজনে Digital ৰূপতো গ্রন্থক আকোৱালি ল’বলৈ আহ্বান জনায়। অহা ১৮ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব লগীয়া এই গ্ৰন্থ উৎসৱে বৰপেটাৰ সকলোকে গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে প্রতিবাৰৰ দৰে এইবাৰো “আমি বৰপেইটা ফেচবুক ফৰাম”ৰ উদ্যোগত বৰপেটা বিদ্যাপীঠ হাইস্কুল খেলপথাৰত চতুর্থবাৰৰ বাবে বৰপেটা গ্ৰন্থ উৎসৱ ১৮, ১৯, ২০, ২১ আৰু ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব।

Leave A Reply