Breaking

সামাজিক দায়বদ্ধতা আৰু কল্যাণ পুঁজিৰ অধীনত ফুলামপুৰ মধ্য ইংৰাজী বিদ্যালয় আৰু ফুলামপুৰ হাইস্কুললৈ ৫.৭০ লাখ টকাৰ অনুদান ।

0 75


“ৰছেল টি ইণ্ডিয়া লিমিটেডে”সামাজিক দায়বদ্ধতা । অসমৰ চাহ কোম্পানী সমূহৰ এটা অন্যতম আগশাৰীৰ কোম্পানী “ৰছেল টি ইণ্ডিয়া লিমিটেডে”সামাজিক দায়বদ্ধতা আৰু কল্যাণ পুঁজিৰ অধীনত লাহোৱালৰ মদাৰখাত অঞ্চলত অৱস্থিত চৰকাৰী -বেচৰকাৰী শিক্ষানুষ্ঠানসমূহলৈ সময়ে সময়ে অনুদান আগবঢ়াই আহিছে ৷ পূৰ্বৰ দৰে এইবাৰো ৰ’ছেল টি ইণ্ডিয়া লিমিটেডৰ অধীনত পৰিচালিত ৰমাই চাহ বাগিছাই ফুলামপুৰ মধ্য ইংৰাজী বিদ্যালয় আৰু ফুলামপুৰ হাইস্কুললৈ ৫.৭০লাখ পুঁজিৰে ফুলামপুৰ মধ্য ইংৰাজী বিদ্যালয়লৈ ৩৩যোৰ বেঞ্চ ডেস্ক, এটা প্ৰিন্টাৰ আৰু তিনিখন গ্ৰীণ বৰ্ড প্ৰদান কৰাৰ লগতে ফুলামপুৰ হাইস্কুললৈ শ্ৰেণী কোঠাসমূহৰ চিলিং ,টিনপাত আৰু এটা বাৰাণ্ডা নিৰ্মাণৰ বাবে টিন আৰু লোহাও অনুদান হিচাপে আগবঢ়াই বুলি জানিব পৰা গৈছে ৷

ইয়াৰ উদ্দেশ্য আজি ফুলামপুৰ হাইস্কুলৰ পেক্ষাগৃহত এখনি সভা অনুষ্ঠিত হয় ৷ অৱসৰপ্ৰাপ্ত শিক্ষক তথা ফুলামপুৰ হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি ক্ষুদ্ৰেশ্বৰ গোহাঁয়ে সভাপতিত্ব কৰা আৰু ফুলামপুৰ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী নিয়ন্তা গোহাঁয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত বিশিষ্ট অতিথি হিচাপে ফুলামপুৰ হাইস্কুলৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী জনক গোহাঁই, ৰ’ছেল টি ইণ্ডিয়া লিমিটেডৰ উপাধ্যক্ষ জে এচ চাহাল ,,ৰমাই চাহ বাগিছাৰ পৰিচালক অংকুৰ চক্ৰৱৰ্তী,উপ পৰিচালক অমৰজিত সিং বুমৰাহ ,ৰমাই চাহ বাগিছাৰ কল্যাণ বিষয়া ৰিতম শৰ্মা,ৰমাই চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দীনেশ গগৈ ,যুৱ সাংবাদিক সন্থা,অসমৰ সাধাৰণ সম্পাদক তথা স্থানীয় সাংবাদিক কাঞ্চনজ্যোতি গোহাঁই ,ৰমাই গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰতি চেতিয়া,মটক স্বায়ত্ত্বশাসিত পৰিষদৰ সদস্যা পদ্মাৱতী গগৈ,ফুলামপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজীৱ বুঢ়াগোহাঁই,ফুলামপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কল্যাণ কুমাৰ গগৈ,অনিৰুদ্ধদেৱ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী অম্বিকা সেনাপতি ,সমাজকৰ্মী প্ৰশান্ত গগৈ,কুশল গোহাঁই,জেউতি গোহাঁইকে প্ৰমুখ্যে কৰি কেইবাজনো গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

অতি মনোজ্ঞপূৰ্ণ সভাখনিত বিশিষ্ট ব্যক্তিসকলৰ চিনাকি পৰ্ব আৰু সম্বন্ধনাৰ অন্তত সভাৰ আৰম্ভণিতে বোলন গগৈৰ পৰিচালনাৰে বিদ্যালয়ৰ ছাত্ৰী সকলৰ দ্বাৰা এটি সমবেত সংগীত পৰিৱেশন কৰাৰ লগতে ক্ৰমান্বয়ে বিদ্যালয়ৰ ছাত্ৰীসকলে ঝুমইৰ নৃত্য ,জেং বিহু আৰু সৃষ্টিমূলক নৃত্য পৰিৱেশন কৰে ৷ ইয়াৰ পিছতে ৰ’ছেল টি ইণ্ডিয়া লিমিটেডৰ উপাধ্যক্ষ জে এচ চাহালৰ লগতে ৰমাই চাহ বাগিছাৰ পৰিচালক অংকুৰ চক্ৰৱৰ্তীয়ে ভাষণ প্ৰদান কৰি কয় যে -দীৰ্ঘদিনৰ পৰা ৰ’ছেল টি ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতা আৰু কল্যাণ পুঁজিৰ অধীনত ৰাজহুৱা অনুষ্ঠানসমূহলৈ সামান্যতম সহযোগিতা আগবঢ়াই আহিছে ৷ পূৰ্বেও ৰ’ছেল টি ইণ্ডিয়া লিমিটেডৰ অধীনত পৰিচালিত ৰমাই চাহ বাগিছাৰ তৰফৰ পৰা বৃহত্তৰ মদাৰখাত অঞ্চলৰ কেইবাখনো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানলৈ অনুদান আগবঢ়োৱা হৈছে । বিগত বছৰবোৰৰ দৰে এইবাৰো ৰ’ছেল টি ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতা আৰু কল্যাণ পুঁজিৰ শিতানত ফুলামপুৰ মধ্য ইংৰাজী বিদ্যালয় আৰু ফুলামপুৰ হাইস্কুললৈ ৫.৭০লাখ টকাৰ অনুদিত পুঁজিৰে বিদ্যালয় দুখনৰ প্ৰয়োজনীয় আচ বাব সমূহ প্ৰদান কৰা হৈছে ৷

লগতে ভবিষ্যতলৈ পাৰ্যমানে সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে ৷ একে অনুষ্ঠানতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফুলামপুৰ হাইস্কুলৰ পৰা সুখ্যাতিৰে উৰ্ত্তীণ হোৱা দুই কৃৰ্তিমান ছাত্ৰ-ছাত্ৰী উপাসনা গোহাঁই আৰু অংশুমান গোহাঁইকো বিদ্যালয়ৰ তৰফৰ পৰা সম্বন্ধনা জ্ঞাপন কৰা হয় ৷বিশিষ্ট ব্যক্তিসকলে প্ৰদান কৰা সৌজন্যমূলক বক্তৃতাৰ অৰ্ন্তত গাম্ভীৰ্যপূৰ্ণ সভাখনিত ফুলামপুৰ হাইস্কুলৰ সহ শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে -শংকৰ বৰপাত্ৰ,হেমন্ত দত্ত,ৰীতা সোণোৱাল,সৃষ্টিটা চেতিয়া গগৈ,বন্দনা গোহাঁই বিদ্যালয়খনৰ কৰ্মচাৰী মৃণাৰাম গগৈৰ লগতে ফুলামপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বিজেন বৰপাত্ৰ,সহ শিক্ষক -শিক্ষয়িত্ৰী উত্তম গগৈ ,হিমাদ্ৰী কাকতি ,অনন্যা চক্ৰৱৰ্তী,চৰিত্ৰ গগৈ,হৃদয় কুমাৰ সেনাপতিৰ লগতে বিদ্যালয়খনা কৰ্মচাৰী বৃন্দাবন গগৈও উপস্থিতিৰ লগতে দুয়োখন বিদ্যালয়ৰ ছাত্ৰছাত্ৰী আৰু অভিভাৱক সকলৰ উপস্থিতিত সভাপতিৰ মন্তব্যৰ পিছতে মনোজ্ঞ অনুষ্ঠানটো সফলভাৱে সামৰণি পৰে ৷

Leave A Reply