Breaking

৫ অৰুণাচলৰ যুৱকক অপহৰণ লালফৌজৰ

0 1,302

দৈনন্দিন বাৰ্তা ডেস্ক : প্ৰতিৰক্ষা মন্ত্ৰীৰ আলোচনাৰ মাজতেই পুনৰ বিশ্বাসঘাতকতা চীনৰ ৷ অৰুণাচলৰ চীন সীমান্তৰ কাষৰ পৰা ৫জন যুৱকক লালফৌজে অপহৰণ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে ৷ অৰুণাচলৰ উজনি সোৱনশিৰি জিলাৰ চীন-ভাৰত সীমান্তৰ পৰা চীনা সেনাই এই পাঁচজন যুৱকক অপহৰণ কৰে বুলি সেনাৰ জ্যেষ্ঠ বিষয়াই কয় ৷ জানিব পৰা মতে এই এলেকাৰ পৰা তনু বকৰ, প্ৰশাত ৰিংলিং, নগাৰু দেৰি, দংতু এবিয়া, টচ ছিংকাম নামৰ পাঁচজন যুৱকৰ সন্ধান পোৱা নাই ৷ প্ৰশাত ৰিংলিঙৰ ককায়েক প্রকাশ ৰিংলিঙে এই কথা ফেচবুকত প’ষ্ট দি জনাইছে ৷ তাৰ পাচতে বিষয়টো পোহৰলৈ আহে ৷ ছচিয়েল মিডিয়াত তেওঁ অভিযোগ কৰে যে তেওঁৰ ভায়েকসহ মুঠ ৫জনক চীনা সেনাই অপহৰণ কৰিছে ৷ তেওঁ স্থানীয় প্ৰশাসন আৰু ভাৰত চৰকাৰক এই বিষয়ত দ্ৰুত ব্যৱস্থা ল’বলৈ অনুৰোধ কৰিছে ৷ উল্লেখ্য যে শুকুৰবাৰে এই অপহৰণ কাণ্ড জিলাখনৰ নাচো অঞ্চলত সংঘটিত হয় বুলি পৰিয়ালৰ সূত্ৰত প্ৰকাশ ৷ ইতিমধ্যে আৰক্ষী অধীক্ষকে নাচো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ঘটনাৰ পৰ্যৱেক্ষণ কৰিবলৈ পঠাইছে আৰু সেই সন্দৰ্ভত তৎকালে প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে ৷ অৱশ্যে সেই প্ৰতিবেদন দেওবাৰে পুৱা পাব বুলি প্ৰকাশ৷ মন কৰিব লগা যে নাচো এলেকাটো জিলা সদৰৰ পৰা ১২০ কিলোমিটাৰ নিলগত ৷ অপহৰণ কৰা লোকসকলৰ পৰিয়ালে অপহৃতক তৎকালে মুকলি কৰি আনিবলৈ আহ্বান জনাইছে ৷ এই বিষয়ত সেনাই বৰ্তমানে কোনো মত প্ৰকাশ কৰা নাই ৷ পাছিঘাট পশ্চিমৰ বিধায়ক নিনোংগ এৰিঙে কয় যে চীনৰ পিএলএয়ে এই ঘটনা সংঘটিত কৰিছে ৷

Leave A Reply