Breaking

মণিপুৰত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ চালানসহ গ্ৰেপ্তাৰ ৫গৰাকী আৰক্ষী…

0 70

মণিপুৰত ড্ৰাগছৰ বিশাল চালানসহ আৰক্ষীৰ কমাণ্ডোৰ এটা দলক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি ড্ৰাগছৰ চালান সৰবৰাহৰ লগত জড়িত পাঁচজন আৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰা হৈছে। চালানটোত হেৰ’ইন আৰু ডব্লিউ ৱাই টেবলেটৰ লগতে ৮০ হাজাৰ টকা হিচাপহীন নগদ ধন আছিল।

নিৰ্দিষ্ট তথ্যৰ ভিত্তিত কাম কৰি মণিপুৰ আৰক্ষীৰ দলটোৱে ৰাষ্ট্ৰীয় ঘাইপথ ১০২ (ইম্ফল-মৰেহ পথ)ৰ কাষৰ এখন বাহন আটক কৰি প্ৰায় ১.৩৩৬ কিলোগ্ৰাম সন্দেহযুক্ত হেৰ’ইন আৰু ৯.১৫১ কিলোগ্ৰাম সন্দেহযুক্ত ডব্লিউ ৱাই টেবলেট, ১০০টা চাবোনৰ কেচত ভৰাই জব্দ কৰে। জব্দ কৰা ড্ৰাগছৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৩ কোটি টকা বুলি জানিব পৰা গৈছে।

ধৃত পুলিচকেইজন হ’ল – এমপিটিচিৰ খ আচৌবা সিং, চিডিঅ’ ইউনিট, কাকচিং (টিম কমাণ্ডাৰ); ৭ম এম আৰৰ থ সুভাষ চোথে, বৰ্তমান চিডিঅ’, ইউনিট, কাকচিঙৰ সৈতে সংযুক্ত; ইম্ফল পশ্চিম জিলাৰ ৱাই দিনেশ্বৰ মেইটেই, বৰ্তমান চিডিঅ’ ইউনিট, কাকচিঙৰ সৈতে সংযুক্ত; ৬ নং এম আৰৰ এম প্ৰেমচন্দ্ৰ সিং, চি ডি অ’ ইউনিট, কাকচিঙৰ সৈতে সংযুক্ত; আৰু ৬ নং এম আৰৰ এন ডৰেন্দ্ৰজিৎ সিং, চি ডি অ’ ইউনিট, কাকচিঙৰ সৈতে সংযুক্ত।

বৰ্তমান তেওঁলোকক আটক কৰি ৰখা হৈছে বুলি মণিপুৰৰ কাকচিং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰে ভাটছে অৱগত কৰে।

Leave A Reply