Breaking

মাধ্যম আন্দোলনৰ প্রথম ছহিদ মোজাম্মিল হকৰ ৫০ সংখ্যক স্মৃতি দিৱস

0 2,051

 বিশ্ব বিদ্যালয় সমূহত অসমীয়া ভাষা মাধ্যম হ’ব লাগে লাগে বুলি দাবী কৰি সদৌ অসম ছাত্র সন্থাই ১৯৭২ চনৰ ৫ অক্টোবৰত দিয়া অসম বন্ধত খাৰুপেটীয়ালৈ পিকেটিং কৰিবলৈ গৈ দুর্বৃত্তৰ হাতত গুৰুতৰ ভাৱে আক্রান্ত হোৱা মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্রেণীৰ ফুলকুমলীয়া ছাত্র মোজাম্মিল হক পিছদিনা  ৬ অক্টোবৰত চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ছহিদ হোৱা দিনটো  ‘অসম মাতৃভাষা দিৱস’ হিচাপে পালন কৰি আহিছে  সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে। ২০০৮ বর্ষৰ পৰা জাতীয় সংগঠনটিয়ে মোজাম্মিল হকে মাতৃভাষাৰ ভাষাৰ বাবে প্রাণাহুতি দিয়া ৬ অক্টোবৰ তাৰিখটো অন্যান্য জাতীয় সংগঠনৰ সহযোগত মাতৃভাষা দিৱস হিচাপে উদযাপন কৰি আহিছে আৰু এইবেলিও ৬ অক্টোবৰ তাৰিখে সন্ধিয়া ৫-৩০ বজাত মঙলদৈৰ ঐতিহাসিক বৰপুখুপৰীৰ পাৰত আয়োজন কৰা “ছহিদ প্রণামো তোমাক ” শীর্ষক শ্রদ্ধাঞ্জলি অনুষ্ঠানত , দৰং জিলা সাহিত্য সভাৰ প্রাক্তন ,সভাপতি ডা: অমৰেন্দ্র নাৰায়ণ দেৱ ,মঙলদৈ সদৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া মস্কো শইকীয়া,পৰিষদৰ প্রাক্তন সভাপতি সাহিত্যিক চহিৰ ভূঞা,ৰাজ্যিক কৃতী শিক্ষকৰ বটা প্রাপক পৰিষদৰ জিলাৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক ,প্রাক্তন সভাপতি এম হাফিজ আলি,  ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ প্রাক্তন সভাপতি আয়ুব আনছাৰী,আছুৰ কেন্দ্ৰীয় বিত্ত সম্পাদক খনীন্দ্র ৰাজবংশী,কেন্দ্রীয় কার্যনির্বাহক সদস্য নিৰঞ্জন শইকীয়া ,মহকুমা ছাত্র ,সন্থাৰ সভাপতি অজয় শইকীয়া,জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি ভৱেশ কাকতী, দৰঙ জিলা সমিতিৰ সম্পাদক পংকজ ডেকা, সদৌ দৰং জিলা ছাত্র সন্থাৰ সভাপতি পৰাগ চহৰীয়া,সাধাৰণ সম্পাদক সত্য প্রসাদ ডেকা ,পথৰু সমন্বয় গোষ্ঠীৰ মোস্তাক হুছেইন,গৰিয়া মৰিযা দেশী জাতীয় পৰিষদৰ খাইৰুল অধিকাৰী , মকছিদা বেগম, ম্ইনুল হক শইকীয়া,চফিকুল ইছলাম, আৰফান আলি,চাহিল ইৰফান, চাহাবুদ্দিন আহমেদ,বাবুল মকছেদ আহমেদ, মহিবুল হক প্রমুখ্যে  ৫০ গৰাকী বিশিষ্ট লোক আৰু বিষয়ববীয়াই ৫০ গছি বন্তি জ্বলাই আৰু পুষ্পাঞ্জলিৰে  ছহিদ গৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। মুখ্য বন্তি প্রজ্জ্বলক , দৰং জিলা ,সাহিত্য সভাৰ প্রাক্তন সভাপতি ডাক্তৰ অমৰেন্দ্র নাৰায়ণ দেৱে ছহিদ গৰাকীৰ ত্যাগক এইদৰে সন্মান জনাই তেওৰ আত্মবলিদানৰ দিনটো মাতৃভাষা দিৱস হিচাপে উদযাপন কৰি অহা বাবে ,সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ শলাগ লয়।মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া মস্কো শইকীয়াই ছহিদ গৰাকীৰ ,স্মৃতিত এটি কবিতা আবৃতি কৰি শ্রদ্ধা নিবেদন কৰে।জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ উপ সভাপতি ভৱেশ কাকতীয়ে ছহিদ সকলৰ ত্যাগক এচামে গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি দেশদ্রোহী জাতিদ্রোহী সকলক সকীয়াই দিয়ে । অনুষ্ঠানৰ সামৰণি ভাষণত পৰিষদৰ প্রাক্তন সভাপতি সাহিত্যিক চহিৰ ভূঞাই ছহিদৰ আদর্শ সৰোগত কৰি নিজ মাতৃভাষাৰ ব্যৱহাৰ,প্রচাৰ আৰু প্রসাৰৰ বাবে সংকল্পবদ্ধ হ’বলৈ নতুন প্রজন্মলৈ আহবান জনায়।চাহাবুদ্দিন আহমেদে আত ধৰা অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে শলাগৰ শৰাই জ্ঞাপন কৰে মইনুল হক শইকীয়াই।

Leave A Reply