Breaking

লকডাউনৰ মাজতো মঙলদৈত মানৱতাৰ জয়গান : ইউনিটিৰ ৫২ সদস্যৰ ৰক্তদান

0 143

মঙলদৈ বিশ্ব চৌদিশে ক’ৰ’ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ মাজতো ‘ইউনিটি- উই দ্যা ব্লাড ড’নাৰছ’- নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে গাইছে মানৱতাৰ জয়গান। লকডাউনৰ সময়ছোৱাত আজিলৈ ৫২ জন সদস্যই মঙলদৈ অসামৰিক চিকিৎসালয়, গোলাঘাট অসামৰিক চিকিৎসালয় আৰু গুৱাহাটীৰ বিভিন্ন হাস্পতাললৈ গৈ মৃত্যুমুখী ৰোগীক ৰক্তদান কৰি জীয়াই থকাৰ প্ৰেৰণা যোগাইছে। ৩৫ সংখ্যক জন্মদিনত জীৱনত প্ৰথমবাৰলৈ ৰক্তদান কৰিছে মঙলদৈ উপহুপাৰা নিবাসী তৃষ্ণা হাজৰিকাই। মঙলদৈ অসামৰিক চিকিৎসালয়লৈ আহি হাস্যবদনে ৰক্তদান কৰি তৃষ্ণা হাজৰিকাই কয়, জীৱনত বহু ধৰণে জন্মদিন পালন কৰিছো যদিও ৰক্তদান কৰি জন্মদিন পালন কৰাৰ দৰে সুখানুভূতি কাহানিও পোৱা নাই। আনহাতে লকডাউনৰ সময়ছোৱাত ইউনিটিৰ সভাপতি দীপক কুমাৰ ডেকা, সদস্য ক্ৰমে তাপস শৰ্মা, চিণ্টুমণি ডেকা, বিতুপন ডেকা, নব কুমাৰ শৰ্মা, হিমাংশু চহৰীয়া, মানসপ্ৰতীম ভৰদ্বাজ, দ্বীপজ্যোতি বৰুৱা, দিলীপ চহৰীয়া, বিজয় চান্দ, পাপ্পু ৰাভা, সুজিত শৰ্মা, ভাস্কৰজ্যোতি ডেকা, ৰিকিবুল হুছেইন, প্ৰণব বৰুৱা, জিতু কলিতা, দ্বীপজ্যোতি শৰ্মা, মৃদুল ডেকা, জগদীশ মণ্ডল, দীপক কলিতা, বিশ্বজিৎ নাথ, কমল কৃষ্ণ নাথ, তাপস ডেকা, সুমন ডেকা, ৰিতুল ৰহমান, কুশল ডেকা, পাৰ্থপ্ৰতিম দাস, মনচুৰাং বড়ো, জিতুমণি দাস, প্ৰণব বৰুৱা, প্ৰণব চহৰীয়া, হিমাংশু নাৰায়ণ দেৱ, জয় প্ৰকাশ কলিতা, দুৰ্গা ডেকা, প্ৰবণ শৰ্মা, বিপুল বৰা, ধনমণি ডেকা, টিমল চৌহান, অনুপজ্যোতি শইকীয়া, প্ৰশান্ত বণিয়া, দ্বীপেন বৰুৱা, ৰেবজিৎ বৰা, ৰিদিপ বৰুৱা, ভাস্কৰজ্যোতি ডেকা, বিকাশ বৰুৱা, গকুল কলিতা, নিৰুপমা ভৰদ্বাজ, দ্বীপেন ডেকা, ধনমণি দাস, ফনীন্দ্ৰ ডেকাই ৰক্তদান কৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰে। ইউনিটি – উই দ্যা ব্লাড ড’নাৰ’ছ গ্ৰুপৰ এনে প্ৰশংসনীয় কাৰ্যৰ বাবে গ্ৰুপটোৰ সম্পাদক সুব্ৰত শীলক তেওঁৰ ৩৫ সংখ্যক জন্মদিনত দৰং জিলা ক্ৰীড়া সাংবাদিক সংস্থাৰ সম্পাদক গণেশ দত্তই ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন। উল্লেখ্য যে এই গ্ৰুপটোৱে ৰক্তদান কৰাৰ উপৰি শুভাকাংক্ষীৰ সহযোগত লকডাউনৰ সময়ছোৱাত দৰিদ্ৰ লোকৰ লগতে মৎস্য, পশু-পক্ষীলৈ খাদ্য সামগ্ৰী যোগান ধৰি সচেতন ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

Leave A Reply