Breaking

হাজোৰ ৰামদিয়াত দেৱদামোদৰ মহাপ্ৰভূৰ ৫৩৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ সামৰণি

0 32

‘ধৰ্মৰ মূল ভেটি হৈছে বিশ্বাস,মহানুভৱতা আৰু আধ্যাত্মিকতা।বিজ্ঞানতকৈও ধৰ্মৰ ক্ষেত্ৰত বিশ্লেষণ কৰাটো বৰ কঠিন,যিহেতু বিশ্বাস, আধ্যাত্মিকতা আৰু মহানুভৱতাৰ ওপৰতে ধৰ্ম নিৰ্ভৰ কৰে। শাসক গোষ্ঠীয়ে ধৰ্মক লৈ যিদৰে গোৰামি কৰিবলৈ লৈছে, তাৰ ফলত মানুহে ধৰ্মকলৈ অন্য ধৰনে চিন্তা চৰ্চাও কৰিবলৈ লৈছে। বিশ্বাস, মহানুভৱতা আৰু আধ্যাত্মিকতাই ধৰ্মক ভাৰতবৰ্ষত এক সুকীয়া স্থান দি আহিছে ‘ এই বক্তব্য এমন্টনৰ উপ- প্ৰৱন্ধক দিনমণি ভাণ্ডাৰ কায়স্থৰ। ৰামদিয়া দেৱদামোদৰ সংঘৰ উদ্যোগত মাজৰকুৰি শ্ৰী শ্ৰী ৰামলক্ষ্মণ সত্ৰত তিনিদিনিয়াকৈ অনুস্থিত দেৱদামোদৰ মহাপ্ৰভূৰ ৫৩৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আৰু ৰামদিয়া দেৱদামোদৰ সংঘৰ ৬০ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সামৰণি কাৰ্যসূচীৰ আজি ধৰ্মালোচনী সভা শুভ উদ্বোধন কৰি এনেদৰে কয় উপ- প্ৰৱন্ধক কায়স্থই।অনুষ্ঠানৰ প্ৰাক আৰম্ভণিতে গুৰুজনাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে আদৰণি সমিতিৰ সভাপতি বিমল চন্দ্ৰ মেধিয়ে ।

ভবিন চন্দ্ৰ ভড়ালীয়ে আতধৰা এই ধৰ্মালোচনী সভাত বিশিষ্ট অতিথি অধ্যাপিকা ৰূপাৰাণী ভূঞাই ভাষন প্ৰসংগত সকলো সনাতনী ধৰ্মৰ লোকক এক হৈ থাকিবলৈ আহ্বান জনায়, নহলে অচিৰেই অসম খন দ্বিতীয় কাশ্মীৰলৈ পৰ্যাবসিত হবলৈ বেছিদিন নালাগিব বুলি উল্লেখ কৰে।ইয়াৰ পিছতে নাগাৰা নাম অনুস্থিত হয়। ইফালে পুৱাৰ ভাগত ঊষা কীৰ্তন, আই সকলৰ নাম প্ৰসংগ, গুৰুচৰিত পাঠ, হোমাদিকৃত্য আৰু বাপু সকলৰ নাম প্ৰসংগ অনুস্থিত হৈ যায়। ইপিনে আৱিৰ্ভাব মহোৎসৱৰ তিনিদিনিয়া কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত দেৱ দামোদৰ সংঘৰ সভাপতি নিকুঞ্জ কলিতাই পতাকা উত্তোলন কৰাৰ পাছত বন্তি প্ৰজ্বলন,গুৰুজনাৰ প্ৰতিচ্ছৱিত মাল্যৰ্পন,গছপুলি ৰোপন আৰু সন্ধিয়া বিষয় বাছনি সভা অনুষ্ঠিত হৈ যায় আৰু তেৰ মাৰ্চৰ পুৱা বন্তি প্ৰজ্বলন,দিনত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আৰু সন্ধিয়া বন্তি প্ৰজ্বলন অনুস্থিত হৈ যায়।

Leave A Reply