Breaking

জ্ঞানজ্যোতি গ্ৰন্থগাৰৰ পঞ্চম প্ৰতিষ্ঠা দিৱস “কিতাপৰ দিন” উদযাপন

0 2,145

মাজুলী তথা অসমৰ সমাজ জীৱনৰ এটা পৰিচিত অনুষ্ঠান জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ পঞ্চম প্ৰতিষ্ঠা দিৱস “কিতাপৰ দিন” জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ বাকৰিত অনুষ্ঠিত হৈছে। প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে পুৱা ভাগত গ্ৰন্থাগাৰ প্ৰতিষ্ঠা কালৰ এজন ব্যক্তি টংকেশ্বৰ বৰুৱাক নিজ গৃহত সম্বৰ্ধনা জনোৱা হয়। তাৰ পিছতে পতকা উত্তোলন কৰে জ্ঞানজ্যোতি গ্ৰন্থাগাৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজু বৰুৱা আৰু উদযাপন সমিতিৰ সভাপতি অনিল ফুকনে। গ্ৰন্থ অধ্যয়নক জনমুখী কৰাৰ উদ্দেশ্যে উলিওৱা শোভাযাত্ৰা উন্মোচন কৰে সমাজকৰ্মী তথা জ্ঞানজ্যোতিৰ উপদেষ্টা বীৰেন শইকীয়াই। স্থানীয় কেশৱৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, মধ্যমাজুলী পাৰিজাত উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰূপবৰ্ণম চিত্ৰকলা বিদ্যালয়ৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠানে এই শৈক্ষিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।

ইয়াৰ পিছতে বিমান দত্ত আৰু দীপাংকৰ দত্তৰ সম্পাদনাত প্ৰকাশ পোৱা জ্ঞানজ্যোতিৰ বাৰ্ষিক প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° পাপু কুমাৰ ঙাটে। বিয়লি ভাগত সদৌ মাজুলী ভিত্তিত কুইজ আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। যুৱ সাংবাদিক , জনপ্ৰিয় কবি তথা মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক পাপু বৰাই উদ্বোধন কৰা প্ৰতিযোগিতা খনত মাজুলীৰ বিভিন্ন শৈক্ষিক অনুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। কিতাপৰ দিনত দ্বিতীয় দিনৰ কাৰ্যসূচীত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু মুকুলি সভা অনুষ্ঠিত হব। মুকলি সভাত দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° বিনোদ চন্দ্ৰ বৰা আৰু যোৰহাট মহাবিদ্যালয়ৰ ড° সৌমিত্ৰ পূজাৰীয়ে বক্তব্য প্ৰদান কৰিব বুলি কিতাপৰ দিন উদযাপন সমিতিৰ সম্পাদক দিপুমণি শইকীয়াই জানিবলৈ দিছে।

Leave A Reply