Breaking

ক’ৰোনাত আক্ৰান্ত হৈ এটা পৰিয়ালৰ ৬ সদস্যৰ মৃত্যু

0 1,061

দৈনন্দিন বাৰ্তা ডেস্ক :এটা পৰিয়ালৰ ছজনকৈ লোক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈ ১৬ দিনৰ ভিতৰত মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ঝাৰখণ্ডত ৷ ঝাৰখণ্ডৰ ধানবাদৰ কাট্ৰাছত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ৷ উল্লেখ্য যে এটা পষেকৰ আগতে পৰিয়ালটোৰ বয়স্ক ৮৮ বছৰীয়া মহিলাগৰাকী এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয়৷ এই ঘটনাৰ পাছতে ধানবাদত জিলা প্ৰশাসনে সতৰ্কতা জাৰি কৰে ৷ সেয়ে জনসাধাৰণক অপ্ৰয়োজনীয়ভাৱে ঘুৰি ফুৰাটো বন্ধ কৰিবলৈ কৈছে৷ আনহাতে পশ্চিম বংগৰ সীমান্ত এলেকা ধানবাদৰ সৈতে লাগি আছে৷ এই সীমান্ত এলেকা সম্পূৰ্ণভাৱে চীল কৰা হৈছে ৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছত প্ৰথমে মাক আক্ৰান্ত হয়৷ ইয়াৰ পাছতে চাৰিটা ল’ৰা আক্ৰান্ত হয়৷ ইয়াৰ লগে লগে এজন এজনকৈ পৰিয়ালৰ সদস্যসকল মৃত্যুৰ মুখত পৰে ৷ মাতৃ আৰু একেটা পৰিয়ালৰ পাঁচটা সন্তানৰ মৃত্যুৰ পাছত প্ৰশাসনে কাট্ৰাজ এলেকা চীল কৰি দিয়ে ৷ পৰিয়ালটোক এক ভাট্টা দিবৰ বাবে জনসাধাৰণে ৰাজ্য চৰকাৰক দাবী কৰিছে৷ উল্লেখ্য যে এই মাৰাত্মক ভাইৰাছত শেহতীয়াকৈ মৃত্যু হয় বয়সীয়াল মহিলাগৰাকীৰ ৷ তেওঁ ৰাঁচীৰ আৰআইএমএছত মৃত্যু হয় ৷ পৰিয়ালটোৰ এজন এজনকৈ ছজন লোক ক’ৰোনাত মৃত্যু হোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে ৰাজ্যখনৰ জনসাধাৰণে ৷ 

Leave A Reply