Breaking

৬ জুৱাৰীক আটক কৰি জেল হাজতলৈ প্ৰেৰণ ধূলা আৰক্ষীৰ।

0 2,069

 বৰ্তমান সময়ত সমাজৰ একাংশ ব্যক্তিয়ে আবাধে চলাই গৈছে বিভিন্ন ধৰণৰ জুৱা খেল। সমাজৰ এনেধৰণৰ অবৈধ কাৰ্যৰ বিৰুদ্ধে দৰঙৰ ধূলা আৰক্ষীয়ে ধাৰাবাহিক ভাবে চলাই গৈছে অভিযান। সেই মৰ্মে শুক্ৰবাৰে ধূলা আৰক্ষীয়ে গোপন খবৰৰ পম খেদি ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কল্যান বৰাৰ নিৰ্দেশত থানা খনৰ উপ পৰিদৰ্শক বিকাশ সিঙৰ নেতৃত্বত জুৱা খেলৰ বিৰুদ্ধে এক অভিযান চলায়। অভিযানত ধূলা থানাৰ অন্তৰ্গত বালাবাৰী গাঁৱৰ পৰা পৰা ছয় জন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধিন লোক কেইজন বালাবাৰী গাঁৱৰ ছাইফুদ্দীন আহমেদ, জৰীপ আলি, ৰফিকুল ইছলাম, জলিলুদ্দিন, মোজাহিদ আলি আৰু মুন্তাজ আলি বুলি জানিব পৰা গৈছে। ধৃত লোক কেইজনৰ বিৰুদ্ধে আজি ধূলা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰে। ধূলা আৰক্ষী থানাৰ গোচৰ নম্বৰ ১৪৪/২১ আৰু Assam Game And Betting act ৰ ১৩ আৰু ১৪ নম্বৰ ধাৰাত গোচৰ ৰুজু কৰি লোক কেইজনক আজি মঙলদৈ জেল হাজতলৈ প্ৰেৰণ কৰে। আনহাতে ধূলা থানাৰ অন্তৰ্গত যিকোনো ঠাইত যোৱা খেলৰ খবৰ পালে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি ধূলা আৰক্ষীয়ে সকীয়াই দিয়ে। সেয়ে এনেধৰণৰ সমাজ বিৰোধী তথা জুৱা, মদ, ভাং, আদি  কাৰ্যৰ পৰা বিৰত থাকিবলৈ অঞ্চলবাসীক আহ্বান জনায় ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কল্যান বৰাই।

Leave A Reply