Breaking

আদিবাসী ছাত্র সন্থাৰ প্ৰতিষ্ঠাপক জাষ্টিন লাক্ৰাৰ ৬তম্ মৃত্যু বাৰ্ষিকী

0 1,052

 আজি ১৩ জুলাই। আজিৰ দিনটোতে ইহ:লীলা ত্যাগ কৰিছিল সদৌ অসম আদিবাসী ছাত্র সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা জাতীয় পিতা স্বৰূপ জাষ্টিন লাক্ৰা। আজি তেখেতৰ ৬তম্ মৃত্যু বাৰ্ষিকী। সমগ্র ৰাজ্যৰ লগতে সদৌ অসম আদিবাসী ছাত্র সন্থাৰ ধুবুৰী জিলা সমিতিয়ে চাপৰ’ৰ বীৰছা মুণ্ডা ষ্টেডিয়ামত ক’ভিডৰ নীতি-নিয়ম মানি অনুস্থুপিয়াকৈ পালন কৰে  নেতাগৰাকীৰ মৃত্যু বাৰ্ষিকী। উক্ত অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম আদিবাসী ছাত্র সন্থাৰ কেন্দ্রীয় উপ-সভাপতি জনে অসমৰ আদিবাসীসকলোৰ সমস্যা তথা দাবীসমূহ শাসনাধীষ্ঠ চৰকাৰৰ ওচৰত দাবী জনায় যে আদিবাসী সকলৰ জনজাতীকৰণ অতি শীঘ্ৰে কৰিব লাগে,চাহ শ্ৰমিকৰ মজদুৰি ৩৫১ টকালৈ বৃদ্ধি,আদিবাসী সকলক ভূমি পাট্টা প্ৰদান, অসম চৰকাৰৰ ১ লাখ নিযুক্তিত আদিবাসীসকলৰ বাবে সংৰক্ষণ কৰিব লাগে।

Leave A Reply