Breaking

বৰপেটাৰ আলোপতি চৰত এক চাঞ্চল্যকৰ কাণ্ড !মৃত অৱস্থাত উদ্ধাৰ ৭ বছৰীয়া শিশু…

0 41

বৰপেটাৰ আলোপতি চৰত এক চাঞ্চল্যকৰ কাণ্ড, শৌচালয়ৰ টেংকিত নিৰুদ্দেশ হৈ থকা ৭ বছৰীয়া মমিনুলৰ মৃতদেহ উদ্ধাৰ । যোৱা ১৩ মাৰ্চ বুধবাৰৰ দিনা আবেলিৰ পৰা নিৰুদ্দেশ হৈ থকা আলোপতি গাঁৱৰ মানিক আলীৰ ৭ বছৰীয়া পুত্ৰৰ মৃত্যুদেহ উদ্ধাৰ শনিবাৰৰ পুৱা ঘৰৰ কাষতে আব্দুল কুদ্দুছৰ ঘৰত মৃত অৱস্থাত উদ্ধাৰ হয় ৭ বছৰীয়া শিশুটি আৰু মৃত্যু হোৱা লৰাজনৰ নাম মমিনুল হক বুলি জানিব পৰা গৈছে ।

ঘটনাটোক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিয়পিছে অঞ্চলজুৰি । কোনোবাই হত্যা কৰি শৌচালয়ৰ টেংকিত সোমাই থোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে । ঘটনাস্থলীত আলোপতিচৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷

ভুক্তভোগী পৰিয়ালে তদন্ত সাপেক্ষে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । লগতে আগলৈ যাতে এনেধৰণৰ জঘন্য ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ অনুৰোধ জনাইছে আলোপতিচৰ আৰক্ষীয়ে ঘটনাৰ প্ৰথমিক তদন্তৰ অন্তত মৃত মমিলুল হকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফকৰ উদ্দিন আহমেদ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে ।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ প্ৰতিবেদন

Leave A Reply