ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE

ASSAM POLICE । ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস

২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা নিৰীহ শিশুসহ বহু লোক উগ্ৰপন্থীৰ বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা ঘটনাৰ স্মৃতিত আজি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ‘শোক দিৱস’ পালন কৰা হয়।

এই উপলক্ষে অনুষ্ঠিত শোক দিৱসৰ কাৰ্যসূচীত অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া, বিভিন্ন বৰ্গৰ কৰ্মচাৰী তথা আৰক্ষীৰ জোৱানসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ধেমাজি বিস্ফোৰণত প্ৰাণ আহুতি দিয়া নিৰীহ লোকসকলৰ স্মৃতি সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

শোক দিৱসৰ কাৰ্যসূচীত সমাজত শান্তি আৰু সামাজিক শৃংখলা অটুট ৰখাৰ লগতে সকলো শ্ৰেণীৰ লোকৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু সম্প্ৰীতি বৃদ্ধিৰ বাবে কাম কৰাৰ সংকল্প গ্ৰহণ কৰা হয়। একে সময়তে মানৱ জীৱন আৰু প্ৰমূল্যবোধৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা অশুভ শক্তিসমূহৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দি যোৱাৰ বাবেও সকলোৱে শপত গ্ৰহণ কৰে।

আৰক্ষী উপ-মহাপৰিদৰ্শক (প্ৰশাসন) প্ৰণৱ জ্যোতি গোস্বামীয়ে উপস্থিত আৰক্ষী বিষয়া, কৰ্মচাৰী আৰু জোৱানসকলক শপত বাক্য পাঠ কৰোৱায়।

উল্লেখযোগ্য যে, ধেমাজিৰ সেই ভয়াবহ বিস্ফোৰণৰ ঘটনাই অসমৰ সামূহিক স্মৃতিত গভীৰ দাগ বহন কৰি আহিছে। প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোত নিহতসকলৰ স্মৃতিত শোক দিৱস পালন কৰি শান্তি, সম্প্ৰীতি আৰু হিংসামুক্ত সমাজ গঢ়াৰ সংকল্প গ্ৰহণ কৰা হয়।

Related Articles