Gauhati, Lions Club ।স্বাধীনতা দিৱস উপলক্ষে লায়ন্স ক্লাব অৱ গুৱাহাটী প্ৰাইডৰ উদ্যোগত পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচী

স্বাধীনতা দিৱস উপলক্ষে লায়ন্স ক্লাব অৱ গুৱাহাটী প্ৰাইডৰ উদ্যোগত আৰু লায়ন্স ক্লাব অৱ গুৱাহাটী লাইফৰ সহযোগত শনিবাৰে চান্দমাৰিস্থিত শান্তিপ্ৰিয়া এল.পি. প্ৰাথমিক বিদ্যালয়ত পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়।
অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী, ১০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ২০ গৰাকী অভিভাৱকে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে বিদ্যালয় চৌহদত গছপুলি ৰোপণ কৰা হয়।

বৃক্ষৰোপণ কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেশপ্ৰেমৰ লগতে পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
অনুষ্ঠানত লায়ন্স ক্লাব অৱ গুৱাহাটী প্ৰাইডৰ সভাপতি লায়ন চিত্ৰা ভাৰ্তিয়া, সম্পাদক লায়ন সুনিধি আগৰৱালা, অধ্যক্ষ লায়ন বিজয় ভীমছাৰিয়া আৰু লায়ন অনিল আগৰৱালাৰ লগতে লায়ন ছোনিয়া আগৰৱালা, লায়ন উত্তম আগৰৱালা, লায়ন বিনীতা ভীমছাৰিয়া আৰু লায়ন অনিল ভাৰ্তিয়াই অংশগ্ৰহণ কৰে। লগতে লায়ন্স ক্লাব অৱ গুৱাহাটী লাইফৰ সদস্যও উপস্থিত থাকে।
বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু লায়ন্স ক্লাবৰ সদস্যসকলৰ সক্ৰিয় সহযোগিতাত অনুষ্ঠানটো সফলভাৱে সম্পন্ন হয়।

