Breaking

দেৰগাঁৱত লৰ্জ্জাজনক ঘটনা,নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ ৭০ বছৰীয়া বৃদ্ধ

0 2,071

দেৰগাঁৱত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা ।বাপাৰাম ৰাজবংশী নামৰ এজন প্ৰায় ৭০ বছৰীয়া বৃদ্ধৰ ওপৰত উঠিছে নাবালিকাক  যৌন নিৰ্যাতনৰ অভিযোগ ।দেৰগাঁৱৰ ছ-গুৰি কছাৰী গাঁৱৰ এইগৰাকী বৃদ্ধই নিজৰ ঘৰলৈ মাতি নি নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী নাবালিকাৰ পৰিয়ালৰ লোকে। এজাহাৰ দাখিল কৰাৰ পাছতেই তাৎক্ষণিক ভাৱে লোক জনক গ্ৰেপ্তাৰ কৰিছে দেৰগাঁও আৰক্ষীয়ে। অৱশ্যে এই সমগ্ৰ ঘটনা অস্বীকাৰ কৰিছে আটকাধীন ব্যক্তিজনে ।দেৰগাঁও আৰক্ষীয়ে পকছ’ আইনৰ অধীনত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰন কৰে অভিযুক্ত ব্যক্তি গৰাকীক।

Leave A Reply