Breaking

৭২ দিন বিমানবন্দৰত বন্দী ঘানাৰ ফুটবল খেলুৱৈ ।

0 1,617

দৈনন্দিন বাৰ্তা ক্ৰীড়া সংবাদ

এদিন বা দুদিন নহয়, ৭২ দিন বিমানবন্দৰতে বন্দী হৈ থাকিল এজন ফুটবলাৰ৷ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ লগতে বহু লোকৰ দুৰ্ভোগৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে৷ তেনে এক কাহিনী সদ্যহতে পোহৰলৈ আহিছে৷ ঘানাৰ ৰাণ্ডী জুৱান মুলাৰ নামৰ ফুটবল খেলুৱৈজন ভাৰতলৈ আহিছিল৷ ২৩ বছৰীয়া এই ফুটবলাৰজন ৭২ দিন থাকিল মুম্বাই বিমানবন্দৰতে৷ কেৰালা অ’আৰপিচি স্প’ৰ্টছ ক্লাবৰ এই খেলুৱৈজন যোৱা নৱেম্বৰ মাহত ভাৰতলৈ আহে৷ তাৰ পাছত ২১ মাৰ্চত ঘৰলৈ যাবলৈ বিমানবন্দৰলৈ যায়৷ তাৰ পাছত তেওঁ তাতে বন্দী হৈ পৰে৷ যোৱা বুধবাৰে বান্দ্রাৰ এখন হোটেললৈ তেওঁক নিয়া হয়৷ মহাৰাষ্ট্ৰৰ পর্যটন আৰু পৰিৱেশ মন্ত্রী আদিত্য ঠাকৰেয়ে তেওঁৰ দুৰ্দশাৰ কথা জানিবলৈ পাই উদ্ধাৰ কৰে৷ আনহাতে ছচিয়েল মিডিয়াত কথাটো প্ৰকাশ হোৱাৰ পাছত হুলস্থূলৰ সৃষ্টি হয়৷ উল্লেখ্য যে বিমানবন্দৰত নিৰাপত্তাকৰ্মী আৰু কৰ্মচাৰীসকলৰ সহায়ত তেওঁ দিন কটাইছিল৷ 

Leave A Reply