৯অক্টোবৰ ২০২১ তাৰিখে ওদালগুৰি জিলাৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কেন্দ্রত মুঠ ৭০ গৰাকী হিতাধীকাৰীয়ে ক’ভিশ্ছিল ভেকচিন গ্ৰহণ কৰে ।ইয়াৰে প্রথম পালি ভেকচিন ৬গৰাকী আৰু ৬৪ গৰাকীয়ে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰে। ভেকচিনেচন কাৰ্যসূচী যোৱা ২৫মে ২০২১ তাৰিখৰ পৰা একেৰাহে চলি আছে আৰু ৯ নবেম্বৰলৈ সৰ্বমুঠ ৭২৫৬ গৰাকীক ভেকচিন প্ৰদান কৰা হৈছে।।পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত গাওঁ সমুহৰ যি সকল ব্যক্তিয়ে আজিলৈকে প্রথম পালি ভেকচিন গ্ৰহণ কৰিবলৈ ভয় কৰি আছে ,তেওঁলোকৰ ঘৰে ঘৰে গৈ ক’ভিড ভেকচিনৰ সজাগতা আগবঢ়ায়। দ্বিতীয় পালি ভেকচিন লোৱা হিতাধীকাৰী সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলে ১০০ শতাংশ ভেকচিন প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্য্যসূচী সুচাৰুৰূপে চলাই লৈ যোৱা যুদ্ধা সকল হৈছে বীৰেন্দ্ৰ হাজং(MPW), মুনু দাস( এ এন এম),ৰিংকু দৈমাৰী,ৰীছা দৈমাৰী (জিএন এম) লগতে আশা চুইপাৰভাইজাৰ বিজুলী দাস কলিতা, আশা কৰ্মী মৰজিনা বেগম, জৰিনা বেগম, ৰমিছা বেগম আৰু হাছিনা বেগমে সক্ৰিয়ভাৱে সহায় সহযোগিতা কৰে আনহাতে ওৰাং খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ বি,পি,এম পংকজ কুমাৰ সভাপ্ন্ডিতে পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলক সকলো সময়তে সহায় সহযোগিতা আগবঢ়ায় আহিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফুলকবিত থাকে বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান। কিন্তু, ফুলকবি অত্যাধিক সেৱন স্বাস্থ্যৰ বাবে ক্ষতিকাৰক কিয়…
- দদৰা গোপালথান স্কুল প্রাঙ্গণত বিহু নাচ আৰু ঢোল বাদনৰ কর্মশালা
- দৰঙৰ ঐতিহ্যমণ্ডিত শলগুৰি সত্ৰৰ ২০০ বছৰীয়া জয়ন্তী উৎসৱত কেন্দ্ৰীয় মন্ত্ৰী
- ৰংচঙী গাঁও পঞ্চায়তক দুলিয়াজান বিধান সভা সমষ্টিৰ পৰা পৃথক কৰিব বিচৰা কাৰ্যৰ বিৰোধিতাৰে পাখৰীজনীয়াত বিশাল ৰাজহুৱা সভা
- নাজিৰাৰ গেলেকীত এক বিনামূলীয়া স্বাস্থ্য শিবিৰ
- মানিকপুৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা
- কুঁহিয়াৰৰ ৰসৰ গুণাগুণ জানো আহক…
- ৰাখী সাৱন্তে ৰাখিলে প্ৰথমটি ৰোজা ! আল্লাহু লিখাৰ বাবে অনুৰাগীৰ খং…
- ম্যানমাৰৰ সেনাই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত অৱস্থিত জনপ্ৰতিৰক্ষা বাহিনীৰ শিবিৰত বিমান আক্ৰমণ চলাই…
- আমলখিৰ ঔষধীয় গুণাগুণ জানক…