Breaking

বোকাখাতৰ পৰা বহি:ৰাজ্যলৈ ৰপ্তানী ৮০৬৩.৩ মেট্ৰিক টন ৰঙালাউ ! ৰঙালাউৰ উৎপাদনত উৎফুল্লিত মন্ত্ৰী অতুল বৰা…

0 15

বোকাখাতৰ ৰঙালাউৰ উৎপাদনত উৎফুল্লিত মন্ত্ৰী অতুল বৰা:

বোকাখাতৰ পৰা বহি:ৰাজ্যলৈ ৰপ্তানী ৮০৬৩.৩ মেট্ৰিক টন ৰঙালাউ। কৃষকৰ হাতলৈ আহিল ৫,২৪,১১,৪৫০ টকা।৬কোটি অতিক্ৰম কৰিব উৎপাদনে। ৰঙালাউ ভিত্তিক উদ্যোগৰ চিন্তা।


“লক্ষ্য অতিক্ৰম কৰিব বোকাখাতৰ পৰা ৰঙালাউ ৰপ্তানীয়ে। ৬ কোটি টকাৰ ৰঙালাউ বাহিৰলৈ পঠিওৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও ৭ কোটিৰো অধিক টকাৰ ৰঙালাউ ৰপ্তানী কৰিব পৰা যাব।যোৱা বছৰ বোকাখাত সমষ্টিৰ কৃষকসকলে উৎপাদন কৰা ২ কোটি টকাৰ ৰঙালাও বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে এই বছৰত অঞ্চলটোৰ কৃষকসকলে আজিৰ তাৰিখলৈকে ৫.২৪ কোটি টকাৰ ৰঙালাও প্ৰেৰণ কৰাটো ৰাজ্যখনৰ কৃষি খণ্ডৰ বাবে অত্যন্ত উৎসাহজনক বতৰা।” এই কথা জনালে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই। যোৱা ২১ মে’ত বোকাখাতৰ কৃষকৰ মাজলৈ গৈ বৃহৎ বৃহৎ ট্ৰাকত ৰঙালাউ বোজাই কৰি থকা দেখি উৎসাহিত মন্ত্ৰী গৰাকীয়ে এতিয়ালৈকে বাহিৰলৈ পঠিওৱা ৰঙালাউৰ উপৰিও এই বছৰ আৰু যথেষ্ট সংখ্যক ৰঙালাউ বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰিবলৈ

বাকী আছে বুলি সাংবাদিকক জানিবলৈ দিয়ে। তদুপৰি কুৰুৱাবাহী গাঁও পঞ্চায়তৰ লগতে এইবাৰ মধ্য মহুৰা আৰু দিচৈ গাঁও পঞ্চায়তৰ কৃষকসকলেও ৰঙালাওৰ ব্যাপক খেতি কৰিছে। সেয়েহে যোৱা বছৰ অঞ্চলটোৰ কৃষকসকলৰ সৈতে চৰকাৰে নিৰ্ধাৰণ কৰা ৰঙালাও উৎপাদনৰ লক্ষ্যত অতি শীঘ্ৰে উপনীত হোৱাৰ লগতে লক্ষ্য অতিক্ৰম কৰাৰো প্ৰচুৰ সম্ভাবনা থকা বুলি কয়। ইতিমধ্যে কুৰুৱাবাহী পঞ্চায়তৰ পৰা ৭১৪৮ মেট্ৰিক টন,দিচৈ পঞ্চায়তৰ পৰা ১২২.৩ মে:টন, মধ্য মহুৰাৰ পৰা ৪৯৭ মে:টন,বিহংগম কৃষি উৎপাদন সমিতিৰ পৰা ২৯৬ মে:টন ৰঙালাউ প্ৰেৰণ কৰা হৈছে। ইয়াৰ বিপৰিতে কৃষকে লাভ কৰিছে ৫কোটি ২৪লাখ,১১ হাজাৰ ৪৫০ টকা। মন্ত্ৰী গৰাকীয়ে জনোৱা মতে

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্য চৰকাৰৰ কৃষি বিভাগে প্ৰৱৰ্তন কৰা কেতবোৰ অভিলাষী আঁচনিয়ে ৰাজ্যখনৰ কৃষি খণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰিছে। ইয়াৰ ফলস্বৰূপে ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক কৃষকে বাণিজ্যিক মূল্য থকা কৃষিত মনোনিৱেশ কৰি স্ব-নিৰ্ভৰশীল হৈ উঠাৰ লগতে শিক্ষিত নিবনুৱাসকলেও স্ব-নিয়োজনৰ পথ প্ৰশস্ত কৰিবলৈ সক্ষম হৈছে। কৃষকসকলৰ প্ৰাপ্তিৰ এই মধুৰ ক্ষণত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে মন্ত্ৰী গৰাকীয়ে।অনাগত দিনবোৰত উৎপাদন অধিক বৃদ্ধি কৰিবলৈ কৃষি বিভাগৰ তৰফৰপৰা সম্ভৱপৰ সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাসো দিয়ে মন্ত্ৰী অতুল বৰাই। ইয়াত উৎপাদিত ৰঙালাউ সমূহৰ বাবে বোকাখাততে ৰঙালাউৰ পৰা উৎপাদন হ’ব পৰা উদ্যোগৰ স্থাপনৰ কথাও চৰকাৰে চিন্তা কৰিব বুলি কয় মন্ত্ৰী গৰাকীয়ে।

Leave A Reply