Breaking

লকডাউনৰ বাবে তামিলনাডুত আবদ্ধ অসমৰ ৯ জন যুৱক : উদ্ধাৰৰ বাবে আহ্বান অসম চৰকাৰলৈ

0 39

নাজিৰা

মহামাৰী ক’ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত থকা লকডাউনৰ ফলত বিভিন্ন বহিঃৰাজ্যত কৰ্মৰত শ শ শ্ৰমিক এতিয়া কৰ্মবিমূহ হৈ পৰাত স্বগৃহলৈ ঘূৰি অহাৰ প্ৰয়াস কৰি কোনো কোনো ৰাজ্যৰ পৰা বহু শ্ৰমিক উভতি আহিছে। কিন্তু এতিয়াও বহু ৰাজ্যত অসমৰ শ শ শ্ৰমিক, চিকিৎসাৰ বাবে যোৱা বহু ৰোগী-পৰিয়ালৰ লোকে স্বগৃহলৈ আহিব পৰা নাই৷ তামিলনাডুতো অসম তথা শিৱসাগৰ, যোৰহাট, চৰাইদেউ, গোলাঘাট জিলাৰ ৯ জন শ্ৰমিক-যুৱক আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে৷ জনা মতে শিৱসাগৰ জিলাৰ আব্দুল চাহিদ, প্ৰৱন বৰুৱা, চৰাইদেউৰ মথুৰাপুৰৰ প্ৰৱাল বৰুৱা, যোৰহাট জিলাৰ নৱ জ্যোতি বড়া, দীপাংকৰ ভৰালী, গোলাঘাট জিলাৰ যোগেন গগৈ, উত্তম গগৈ, সীমান্ত বড়া, চুচেন দুৱৰা যুৱককেইজন লকডাউনৰ বাবে তামিলনাডুৰ এটা ভাৰাঘৰত দীৰ্ঘদিন আবদ্ধ হৈ আছে৷ এই যুৱককেইজনে গোলাঘাটৰ ডি জি ইউ জি কে ৱাই নামৰ এটা প্ৰতিষ্ঠানৰ জৰিয়তে তামিলনাডুৰ এটা ব্যক্তিগত কোম্পানীত শ্ৰমিক হিচাপে কাম কৰিছিল৷ জানিব পৰা মতে সামান্য দৰমহাৰে কোম্পানীটোত কৰ্মৰত যুৱককেইজনৰ কাম বন্ধ হৈ পৰাত সম্প্ৰতি আৰ্থিক সংকটত ভুগি বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। চৰকাৰ অথবা কোম্পানীটোৰ ফালৰ পৰা কোনোধৰণৰ সহায় সহযোগিতা লাভ নকৰাত এতিয়া যুৱককেজনৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইফালে অসম চৰকাৰৰ পৰা দুহেজাৰ টকা সাহায্য বিচাৰিও কোনো সহাৰি নোপোৱাত খাদ্য সামগ্ৰী ক্ৰয় কৰা আৰু ঘৰৰ মালিকক ভাৰা পৰিশোধৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে৷ অসম চৰকাৰে দিয়া হেল্পলাইন নম্বৰত আটাইকেইজন যুৱকে বহুবাৰ যোগাযোগ কৰিও সঁহাৰি লাভ কৰা নাই। সম্প্ৰতি যুৱককেজনক স্বগৃহলৈ ওভতাই অনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তামিলনাডুত আবদ্ধ হৈ থকা যুৱককেইজনে আহ্বান জনাইছে৷

Leave A Reply