Breaking

জামুগুৰিহাটত ৯ বছৰীয়া কিশোৰৰ গ্ৰন্থ উন্মোচন : প্ৰকাশ পালে “EXPRESSIONS OF THE MIND IN WORDS”

0 1,332

জামুগুৰিহাট : কুসুমটোলাত কালি ৯ বছৰীয়া কিশোৰ লক্ষ্যজয় কলিতাৰ “EXPRESSIONS OF THE MIND IN WORDS” শীৰ্ষক এখনি ইংৰাজী ভাষাৰ গ্ৰন্থ উন্মোচন হয়। সেই উপলক্ষে অনুষ্ঠিত উন্মোচনী সভাখনত সভাপতিৰ আসন গ্ৰহণ কৰে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰী গ্ৰন্থাগাৰ সুৰেন কলিতাই। যুৱ লেখক তথা অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতাই আঁত ধৰা আৰু গ্ৰন্থকাৰৰ পিতৃ দেবজিৎ কলিতাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত গ্ৰন্থ উন্মোচক হিচাপে বিশিষ্ট লেখক, শিশু সাহিত্যিক বিশ্বনাথ চাৰিআলিৰ দিলীপ কুমাৰ ভট্টাচার্য আৰু বিশিষ্ট অতিথি হিচাপে আসন লয় পাঁচিঘাট চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ধৰ্মেশ্বৰ হাজৰিকাই। সভাৰ প্ৰাৰম্ভিকতে প্ৰয়াত অঞ্জলি কলিতাৰ প্ৰতিছৱিত পুষ্পাঞ্জলি অৰ্পণ কৰে গ্ৰন্থকাৰ লক্ষ্যজয় কলিতাই। উল্লেখ্য যে ২০১০ চনৰ ৩০ আগষ্টত ইটানগৰত জন্মলাভ কৰা আৰু শ্ৰী শ্ৰী ৰবিশংকৰ বিদ্যা মন্দিৰত শিক্ষাৰ পাতনি মেলা লক্ষ্যজয় কলিতা বৰ্তমান তেজপুৰ গুৰুকুলৰ চতুর্থ মানৰ ছাত্ৰ। ৪ বছৰ বয়সৰ পৰাই সাহিত্য কৰ্মত জড়িত অসাধাৰণ প্ৰতিভাৰ স্বাক্ষৰ লক্ষ্যজয়ে নিজকে এগৰাকী ধ্ৰুপদী সংগীতৰ গায়ক হিচাপেও প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে তেওঁ ভাটখাণ্ডে বিশ্ববিদ্যালয়ৰ পৰা ভোকেলত মধ্যমা ডিগ্ৰী লাভ কৰাৰ লগতে গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত সৰ্বভাৰতীয় সংগীত ও সংস্কৃত পৰিষদ কলকতাৰ অনুষ্ঠানত দুবাৰকৈ ধ্ৰুপদী সংগীত পৰিবেশনেৰে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়। জামুগুৰিহাটৰ কুসুমটোলাৰ দেবজিৎ কলিতা আৰু ইন্দ্ৰানী কলিতাৰ পুত্ৰ আৰু ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক গোলাপ কলিতাৰ নাতি লক্ষ্যজয়ে সৰ্বভাৰতীয় প্ৰতিভা সন্ধানী পৰীক্ষাতো পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। এক বৌদ্ধিক সামাজিক পৰিবেশত ডাঙৰ হোৱা লক্ষ্যজয়ৰ এই সফলতা যাত্ৰাৰ মূৰ আঁৰিয়া ধৰোতা হিচাপে তেওঁৰ আইতাক প্ৰয়াত অঞ্জলি কলিতা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। অতি কম বয়সৰ পৰাই গ্ৰন্থ প্ৰতি বিশেষ আকৰ্ষিত হোৱা লক্ষ্যজয়ৰ ওপজা দিনৰ লগত সংগতি ৰাখি আয়োজিত সভাখনত উন্মোচন হিচাপে উপস্থিত থকা দিলীপ কুমাৰ ভট্টাচার্যই এটি কণমানিৰ এনে কৰ্ম নিসন্দেহে প্ৰশংসনীয় আৰু সমাজৰ বাবে শুভ লক্ষণ বুলি উল্লেখ কৰি ইংৰাজী ভাষাৰ সমানুপাতিকভাবে অসমীয়া ভাষাতো লিখা-মেলা আগবঢ়াই নিবলৈ পৰামৰ্শ আগবঢ়াই। তেখেতে ভাষণ প্ৰসংগত উল্লেখ কৰে যে কিতাপেহে প্ৰকৃতাৰ্থত এখন দেশ শাসন কৰে আৰু মানুহ গঢ়াত কিতাপেই মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে। বিশিষ্ট অতিথিৰ ভাষণত ধৰ্মেশ্বৰ হাজৰিকাই সাম্প্রতিক সময়ত পুথিভঁৰালৰ প্ৰাসংগিকতা সম্পর্কে বিস্তৃত বাখ্যা দাঙি ধৰি অসমৰ পুতৌলগা পুথিভঁৰাল ব্যবস্থাৰ বাবে দুখ প্ৰকাশ কৰে। মুঠ ২০ টা লেখনিৰে সমৃদ্ধ “EXPRESSIONS OF THE MIND” শীর্ষক সচিত্র গ্ৰন্থখনত আশিসসূচক শুভেচ্ছাৰে সৌষ্ঠব বৃদ্ধি কৰিছে ক্ৰমে ইন্দীয়ান নেভিৰ কেপ্তেইন এডউইন জ্যোতিৰাজন, শ্ৰী শ্ৰী ৰবিশংকৰ বিদ্যা মন্দিৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী সুস্মিতা সোম, তেজপুৰ গুৰুকুলৰ প্ৰধান শিক্ষয়িত্ৰী মৰমী শইকীয়া বৰুৱা, মুনীন্দ্ৰ নাথ তামুলী আৰু গোলাপ কলিতাই। গ্ৰন্থখনে শিশুসকলৰ সাহিত্য চর্চাত বিশেষ অৰিহণা যোগাব বুলি সভাই একেমুখে মত পোষণ কৰে।

Leave A Reply