তামুলপুৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক প্ৰতিনিধি সভাৰ ব্যাপক প্ৰস্তুতি…

তামুলপুৰ জিলাৰ তেতেলীগুৰি কালাকুছি বাৰোৱাৰী শ্ৰীশ্ৰী লক্ষ্মী আৰু মাইনাও মন্দিৰ প্ৰাংগণত অহা ২৫ আৰু ২৬ ডিচেম্বৰত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে তামুলপুৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ ৩৬ প্ৰতিনিধি সভাৰ আয়োজন কৰা হৈছে। ইতিমধ্যে সভাৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে। কাৰ্যসূচী অনুসৰি ২৫ ডিচেম্বৰৰ পুৱাৰ ভাগত বিটিআৰৰ এমচিএলএ হেমন্ত কুমাৰ ৰাভাৰ দ্বাৰা মুখ্যদ্বাৰ উন্মোচনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতেই বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব যুৱ নেতা সোমনাথ বসুমতাৰীয়ে।

ইয়াৰ পিছতেই ৰভা উন্মোচন, মঞ্চ উদ্বোধন, স্বেচ্ছাসেৱকৰ শিবিৰ মুকলি, প্ৰতিনিধি শিবিৰ আদি মুকলি কৰি দিনযোৰা কাৰ্যসূচী পিছত ২৬ ডিচেম্বৰৰ পুৱাৰে পৰা বৃক্ষৰোপণকে ধৰি বিভিন্ন কাৰ্যসূচীৰ অন্তত দুপৰীয়া অনুষ্ঠিত হব মুকলি অধিৱেশন। তামুলপুৰ আঞ্চলিক এবছুৰ সভাপতি বিমল বড়োৰ সভাপতিত্বত অনুষ্ঠিত হব লগীয়া মুকলি অধিৱেশন খন উদ্ধোধন কৰিব বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব এবছুৰ উপদেষ্টা খুংখ্ৰা স্বৰ্গীয়াৰী সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

Related Articles