Breaking

টি এম পি কেৰ ৪৯ তম প্ৰতিষ্ঠা দিৱস ; প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত জাগুন চাইনাকি এফ চিৰ খিতাপ দখল

0 1,286

ডিৰাক সীমান্ত, ২৭ নৱেম্বৰ: সদৌ টাকাম মিচিং  পৰিং কেবাং চমুকৈ টি এম পি কেৰ  ৪৯ তম প্ৰতিষ্ঠা দিৱস লগত সংগতি ৰাখি ডুমডুমা-ফিল’বাৰী আঞ্চলিক সমিতিয়ে ১৬ অক্টোবৰ পৰা আয়োজন কৰা প্ৰাইজমানি দিবা নৈশ ফুটবল প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে নিশা সামৰণি পৰে । প্ৰাইজমানি দিবা নৈশ ফুটবল প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰে জাগুন চাইনাকি এফ চি বনাম বৰডুবী এফ চি, ফিল’বাৰী। প্ৰাইজমানি দিবা নৈশ ফুটবল প্ৰতিযোগিতাত জাগুন চাইনাকি দলে বৰডুবী এফ চি ফিল’বাৰী দলক ২-০ গলৰ ব্যৱধানত পৰাজিত কৰি ছেম্পিয়ন হয়। জাগুন চাইনাকি এফ চি দলৰ হৈ অজয় পেগুৱে ৪০ আৰু ৬৫ মিনিটত গ’ল দি দলক জয়ী কৰোৱাই। দিবা নৈশ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ উদোধন কৰে মিছিং বানে কাবাংৰ ৰাজেন চন্দ্ৰ নৰহে। দিবা নৈশ ফুটবল প্ৰতিযোগিতাৰ আৰম্ভণিৰ আগমুহুৰ্তত সদ্য প্ৰয়াত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বিশ্ব বিখ্যাত ফুটবলাৰ ডিয়াগো মাৰাডোনাৰ আত্মাৰ শতগতি বাবে এক মিনিট  মৌন প্ৰাথনা জনোৱা লগতে ডিয়াগো মাৰাডোনাৰ প্ৰতি সন্মান জনাই ফাইনেল খেলত ১০ নম্বৰ জাৰ্ছি পৰিধান নকৰে দুয়োটা দলৰ খেলুৱৈ সকলে। দিবা নৈশ ফাইনেল খেলত উপস্থিত থাকে ফিল’বাৰী আৰক্ষী থানাৰ প্ৰভাৰী, ফিল’বাৰী সেনা চাৱনীৰ বিষয়া, টি এম পি কে জিলা সমিতিৰ সভাপতি চুচেন দলে, সম্পাদক গৌৰৱ পাদুন, সহকাৰী সম্পাদক অজয় দলে, আঞ্চলিক সভাপতি প্ৰাঞ্জল কছাৰী, সম্পাদক শচীন পাদুন, ফিল’বাৰী জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ববৃন্দ, ফিল’বাৰী ক্ৰীড়া সন্থাৰ সভাপতি কুলেশ্বৰ ফুকন , সম্পাদক সঞ্জিৱ বৰা, সাংবাদিক পুস্পধৰ মৰাণ লগতে কেইবাগৰাকী অতিথি উপস্থিত থাকে। দিবা নৈশ ফুটবল ফাইনেল খেলৰ শ্ৰেষ্ঠ খেলুৱৈ লাভ কৰে জাগুন চাইনাকি দলৰ অজয় পেগুৱে।

Leave A Reply