নগাঁও ,৩০ নৱেম্বৰঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত বহুকেইটা স্থানত আজি দীৰ্ঘদিন ধৰি এক ধাৰাবাহিক চুৰি কাণ্ড সংঘটিত হৈ আহিছে ৷ আজি যোৱা নিশাও তেনে এক ধাৰাবাহিক চুৰি কাণ্ড সংঘটিত হয় পূৱ- হাতীছোং চকলাঘাট চাউলখোৱা গাঁও নিৱাসী ৰঞ্জন শইকীয়াৰ বাসগৃহত ৷ উল্লেখ্য যে,যোৱা নিশা পূৱ হাতীছোং চকলাঘাট ৰাস মন্দিৰত শ্ৰীশ্ৰীকৃষ্ণৰ মহাৰাস অনুষ্ঠিত হৈছিল আৰু উক্ত মহাৰাসত শইকীয়া পৰিয়ালৰ সমূহ সদস্য উপস্থিত থকাৰ সুযোগ গ্ৰহণ কৰিয়েই এই কুখ্যাত চুৰিকাণ্ডটি সংঘটিত হয় ৷ চুৰিকাণ্ডটিত পাঁচ-ছয় জনীয়া সদস্যৰ দলে সংঘটিত কৰা বুলি নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক অনিতা হাজৰিকাৰ লগতে স্থানীয় জাজৰি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে এটি দল ঘটনাস্থলীত উপস্থিত হৈ বিভাগীয় ড’গ স্কুৰ্ৱাড, হাতৰ চাপ, ভৰিৰ চাপ আদি পৰ্যবেক্ষণৰ অন্তত নিশ্চিত হয় ৷ চুৰিকাণ্ডটিত ৰঞ্জন শইকীয়াৰ গৃহৰ পৰা প্ৰায় পাঁচলক্ষ্যাধীক মূল্যৰ সোণৰ আ-অলংকাৰৰ লগতে নগদ প্ৰায় পঞ্চাশ হাজাৰ টকা লুট কৰি নিয়ে বুলি জানিব পৰা গৈছে ৷ ঠিকসেইদৰে, ক’ৰচোং অঞ্চলৰ এঘৰ লোকৰ ঘৰতো একে নিশাই তেনে এক চুৰিকাণ্ড সংঘটিত হয় ৷ দুপৰীয়া দৰা ঘৰৰ লোকে কইনাক জুৰুন পিন্ধোৱাৰ পিছত সমুলি সোণৰ আ-অলংকাৰ কইনাই নিজৰ ঘৰত সযতনে ৰখাই থোৱাৰ পিছত নিশালৈ দুই-আহৈ লক্ষ্যাধীক টকাৰ সোণৰ আ-অলংকাৰ লুটপাত কৰি নিয়ে এই দুষ্ট চক্ৰই ৷ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা অনুসৰি এই অঞ্চল সমূহত চুৰিকাণ্ড সংঘটিত কৰা এইটো এটা সক্ৰিয় চুৰৰ গেং ৷ ইহঁতে প্ৰথম পৰ্যায়ত গৃহস্থৰ ভিতৰৰ সকলো তথ্যপাতি যুগুত কৰি লোৱাৰ পিচত কোনো এটা নিদিষ্ট দিনত গৃহস্থ ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি চুৰিকাণ্ড সংঘটিত কৰি আহিছে ৷ ইহঁতৰ মূললক্ষ্য বিশেষকৈ সোণৰ আ-অলংকাৰ আৰু নগদ ধন ৷ সমগ্ৰ জাজৰি আৰক্ষী এলেকাধীন অঞ্চলত আজি দীৰ্ঘদিন সন্ত্ৰাস চলাই অহা এইদুষ্ট চক্ৰটো অনতি পলমে জাজৰি আৰক্ষীয়ে জালত পেলাব পাৰিব বুলি আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিৱ পৰা গৈছে ৷ উল্লেখ্য যে আজি দীৰ্ঘদিন ধৰি জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত ক’ৰচোং, ৰাইডঙীয়া, চকলাঘাট, মাজ-জাজৰি, জামুগুৰি, কুজিঁদাহ, জাজৰি আদি কেইবাটাও স্থানত অতি সহজতে চুৰিকাণ্ড সংঘটিত নিৰ্ৱিঘ্নে আতঁৰি যোৱা ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…