মদাৰখাত, ২ ডিচেম্বৰ : লাহোৱাল প্ৰেছ ক্লাবৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস সাত ডিচেম্বৰত বেবেজীয়া, নিজ লাহোৱাল আৰু জাপিসজীয়া গাঁৱৰ ৰাইজৰ সহযোগত জাপিসজীয়া ৰাজহুৱা পেক্ষাগৃহত আয়োজন কৰা হৈছে। প্ৰতিষ্ঠা দিৱসটি সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ কনৌজ শইকীয়াক সভাপতি, বিপিন মেছক কাৰ্যকৰী সভাপতি আৰু প্ৰদীপ দাসক সম্পাদক হিচাপে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। দিনযোৰা কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰিব প্ৰেছ ক্লাবৰ সভাপতি মুক্তামণি হাজৰিকাই আৰু স্মৃতি তৰ্পণ কৰিব প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক লখিন্দৰ কুৰ্মীয়ে। অভ্যৰ্থনা সমিতিৰ সভাপতি কনৌজ শইকীয়াই বৃক্ষৰোপনৰ কাৰ্যসূচী শুভাৰম্ভ কৰিব। অভ্যৰ্থনা সমিতিৰ সম্পাদক প্ৰদীপ দাসে মুকলি কুইজ আৰু মুকলি চিত্ৰাংকণ প্ৰতিযোগিতাৰ উদ্বোধন কৰিব। আবেলিৰ অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত ভৱকান্ত কোঁৱৰ সোঁৱৰণী বঁটা প্ৰদান কৰা হ’ব। ডিব্ৰুগড়ৰ বিশিষ্ট সংগীতজ্ঞ ড° দিলীপ ৰঞ্জন বৰঠাকুৰক এই বঁটা প্ৰদান কৰাৰ লগতে বিশিষ্ট বাঁহীবাদক অশ্বিনী শইকীয়াক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব। মুকলি সভাত মুখ্য অতিথি হিচাপে অসম আদিত্য কাকতৰ মুখ্য সম্পাদক ডা° নিৰ্মল কুমাৰ চাহেৱালা, নিৰ্দিষ্ট বক্তা হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° জ্যোতিপ্ৰসাদ শইকীয়াই অংশ গ্ৰহণ কৰিব। আমন্ত্ৰিত অতিথি ৰূপে দ্যা চেণ্টিনেল কাকতৰ জ্যেষ্ঠ সাংবাদিক ইকবাল আহমেদ, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়া, লাহোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৃষিকেশ হাজৰিকা, হাতীআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেশ দত্তৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ কুমাৰ ভৰালীয়ে অংশ গ্ৰহণ কৰিব। প্ৰতিষ্ঠা দিৱসৰ সকলো কাৰ্যসূচী সফল ৰূপায়নৰ বাবে ৰাইজৰ সহযোগিতা কামনা কৰিছে লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি মুক্তামণি হাজৰিকা আৰু ভাৰপ্ৰাপ্ত সম্পাদক লখিন্দৰ কুৰ্মীয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…