বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অভিযান, সীমান্তত ৮ খন সোণৰ বিস্কুট জব্দ

ভাৰত – বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা আৰু নিৰাপত্তাৰ নিৰীক্ষণ কৰাৰ দায়িত্বত থকা সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্রণ্টিয়াৰৰ ফালৰ পৰা তেওঁলোকক অৰ্পণ কৰা সীমান্তত যাতে কোনো ধৰণৰ অবৈধ কাৰ্যকলাপ সংঘটিত হব নোৱাৰে তাৰ ওপৰত সদা – সতৰ্ক দৃষ্টি ৰাখি আহিছে। ইয়াৰ অংশ হিচাপে পহিলা ফেব্ৰুৱাৰীত ১৩৮ বেটেলিয়ানৰ ঝিক্ৰী বি অ পিৰ দল এটাই নিদিষ্ট তথ্যৰ ভিত্তিত অসমৰ ধুবুৰী সীমান্তৰ পৰা কিছু নিলগৰ পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ ভাৰত – বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰে বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰা অৱস্থাত ৮ খন সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হয়। বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি সোণ সৰবৰাহকাৰী জন কৌশলৰে পলাই যাবলৈ সক্ষম হয়। আনহাতে ৯৩৩.২৪ গ্ৰাম ওজনৰ ৮ খন সোণৰ বিস্কুটৰ আন্তৰ্জাতিক বজাৰত মূল্য প্ৰায় ৫৮.৭০ লাখ টকা হব। উদ্ধাৰ কৰা সোণৰ বিস্কুট কেইখন পাছত কেন্দ্ৰীয় আবকাৰী শুল্ক বিভাগৰ নিকটবৰ্তী কাৰ্যালয়ক গতাই দিয়া হয় । উল্লেখযোগ্য যে বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তত মানুহৰ লগতে গৰুসহ কোনো ধৰনৰ নিষিদ্ধ আৰু চোৰাং সামগ্ৰী যাতে সৰবৰাহ হব নোৱাৰে তাৰ বাবে অহৰহ পহৰা দি অহাৰ লগতে এই ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে ।

Related Articles