মৰিগাঁও জিলাৰ কেইবাটাও বিভাগৰ উন্নয়নমূলক কামৰ পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে পুৱাই মৰিগাঁৱত উপস্থিত হয় অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া।
ইতিমধ্যে জিলা আয়ুক্তৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত ৰাজ্যপালগৰাকীয়ে ভাগ লোৱা পৰিলক্ষিত হৈছে।

