যি সময়ত চৰকাৰে স্বাস্থ্য,শিক্ষা আদিৰ আমোল পৰিবৰ্তন আনিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা লৈছে তেনে ক্ষেত্ৰত এক নগ্ন ছবি দেখা গ’ল ২ নং কছাৰী ভেটিটুপ গাঁৱৰ উপ স্বাস্থ্য কেন্দ্ৰৰ। ২ নং কছাৰী ভেটিটুপ গাঁৱৰ ৰাইজৰ সু-স্বাস্থ্য প্ৰতি লক্ষ্য ৰাখি আৰু ৰাইজৰ দাবীত ২০১৩ বৰ্ষত দৰং জিলাৰ দলগাওঁ সমষ্টিৰ অন্তৰ্গত শিলবৰী গাওঁ পঞ্চায়তৰ ২নং কছাৰী ভেটিটুপ গাওঁত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত নিৰ্মাণ হৈছিল উপ স্বাস্থ্য কেন্দ্ৰৰ। সেই সময়ত নিজৰ গাঁৱত উপ-স্বাস্থ্য কেন্দ্ৰ পাই আনন্দিত হৈ পৰিল স্থানীয় ৰাইজ।উপ স্বাস্থ্য কেন্দ্ৰ টোৰ আহিল বিভিন্ন ধৰণৰ আচবাব,প্ৰয়োজনীয় সা-সজুলি। কিন্তু বহু দিন উকলি গ’ল না আহিল কোনো চিকিৎসক বা নাৰ্চ।গাওঁ বাসীয়ে নাপালে কোনো স্বাস্থ্য সেৱা। স্থানীয় ৰাইজে জনোৱা মতে কৰুনাৰ মহামাৰীৰ সময়ত ২/৪ দিন দিয়া হৈছিল ভেকচিন ইয়াৰ বাহিৰে খোলা নহ’ল উপ স্বাস্থ্য কেন্দ্ৰ টো। বৰ্তমান জহি-খহি গৈছে উপ স্বাস্থ্য কেন্দ্ৰ টোৰ গৃহ, আচবাব আৰু সা-সজুলি সমূহ।ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিল স্থানীয় ৰাইজ। সুদীৰ্ঘ প্ৰায় দহ বছৰ অতিবাহিত হ’ল বহু সভা-সমিতি,বহু আবেদন,বহু অভিযোগ এই স্বাস্থ্য কেন্দ্ৰ টোক লৈ কিন্তু কান সাৰ নাই বিভাগীয় কতৃপক্ষৰ।গাওঁ খনৰ সোঁ- মাজেদি পাৰ হৈ গৈছে অসম মালা পথ।

যাতায়ত ব্যৱস্থা বৰ্তমান সুচল হৈছে। প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয় এখনো আছে কিন্তু নাই স্বাস্থ্য সেৱা। আজিও সৰু-সুৰা বেমাৰ-আজাৰৰ চিকিৎসাৰ বাবে যাৱ লাগে চাৰি/পাঁচ কিলোমিটাৰ অতিক্ৰম কৰি শিলবৰী প্ৰথমিক চিকিৎসালয়লৈ। অৱশেষত স্থানীয় ৰাইজে অসমৰ মূখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীলৈ কাতৰ আহ্বান বৰ্তমান পৰিত্যক্ত অৱস্থাত গোহালি লৈ ৰূপান্তৰ হোৱা উপ স্বাস্থ্য কেন্দ্ৰটোৰ পোনৰ বাৰ মেৰামতি কৰি ভাল চিকিৎসাৰ বাবে চিকিৎসক আৰু নাৰ্চৰ নিযুক্ত দিয়ে যেন।

