উজনি-মাজুলী, ৭ ডিচেম্বৰঃ উজনি মাজুলী শ্ৰীৰাম বালিগাঁও চাৰিআলি নিবাসী মিঠু মহন্তই সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাকোত্তৰ বিভাগৰ অন্তিম পৰীক্ষাত নৃতত্ব বিভাগৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে। ছাত্ৰজনে নৃতত্ব বিভাগৰ পৰা ৮০.৯% শতাংশ নম্বৰ লাভ কৰি প্ৰথম শ্ৰেণীৰ প্ৰথম হিচাপে উত্তীৰ্ণ হৈছে । ছাত্ৰজনে জনোৱা মতে মাজুলীৰ দৰে এডোখৰ পিছপৰা ঠাইৰ পৰা গৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে অসমৰ এখন আগশাৰীৰ শিক্ষনুষ্ঠানত নিজকে সফল ছাত্ৰ হিচাপে পৰিগণিত কৰিব পৰাত তেওঁ অত্যন্ত সুখী। তেওঁ নিজৰ সাফল্যৰ বাবে পৰিয়ালৰ সহযোগিতা তথা বিশ্ববিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ আশীৰ্বাদ আৰু বন্ধু বৰ্গৰ পৰা পোৱা অনুপ্ৰেৰণা কথা উল্লেখ কৰে । উল্লেখোগ্য যে ছাত্ৰজনে ২০১৮ বৰ্ষত গুৱাহাটীস্থিত আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা একে বিভাগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰিছিল । ছাত্ৰজন উজনি মাজুলী এলেঙ্গী টকৌবাৰী সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ , ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ঋষভ মহন্ত তথা শিক্ষয়িত্ৰী স্বৰ্গীয়া নয়নতৰা মহন্তৰ সন্তান।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…