দিগদৰ্শন প্ৰকাশনৰ দুখন কাব্যগ্ৰন্থ উন্মোচন…

ডিব্ৰুগড় জিলাৰ লাহোৱালৰ কবি বৃষ্টি হৰিস্মৃতা বৰুৱাই ১৮মাৰ্চত তেওঁলোকৰ একমাত্ৰ কন্যা জিগিষা কোঁৱৰৰ প্ৰথম বাৰ্ষিক জন্মদিনত দুখনকৈ গ্ৰন্থ উন্মোচন কৰে। যোৰহাটৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কবি বৃষ্টি হৰিস্মৃতা বৰুৱাৰ দুখন কাব্যগ্ৰন্থ ক্ৰমে “তোমাৰ বাবেই…” আৰু “এজাক প্ৰেমৰ বৰষুণ” উন্মোচন কৰে বিশিষ্ট কবি বিতুমনি ফুকন আৰু দিগদৰ্শন প্ৰকাশনৰ স্বতাধিকাৰ,সাংবাদিক পংকজ কুমাৰ দাসে।

ডিব্ৰুগড়ৰ ডি.এইছ.এচ কানৈ কলেজৰ ছাত্ৰী আস্হা দাসৰ মংগলাচৰণেৰে দিনৰ ১১বজাৰ পৰা জন্মদিনৰ লগত সংগতি ৰাখি লাহোৱাল ৰে’লৱে কলনিৰ সমীপত অনুষ্ঠিত এই অনুষ্ঠানত গ্ৰন্থখনৰ লেখিকা, কবি বৃষ্টি হৰিস্মৃতা বৰুৱাই কাব্যগ্ৰন্থ দুখন প্ৰকাশৰ আঁৰৰ কথা ব্যক্ত কৰে। পংকজ কুমাৰ দাস, কনক দাস, ৰানু দাস, ৰীনা কোঁৱৰে বক্তব্য ৰখা আৰু স্থানীয় শতাধিক সাহিত্যানুৰাগী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানটোত কৃষ্টিনা দেৱনাথ, নব্যা শইকীয়া, আস্থা দাসৰ গীত-নৃত্য-কবিতা পাঠে জীপাল কৰি তোলে। উল্লেখ্য যে কবি বৃষ্টি হৰিস্মৃতা বৰুৱা আৰু স্বামী শান্তনু কোঁৱৰে তেওঁলোকৰ কন্যা জিগিষা কোঁৱৰৰ জন্মদিনত চলিত বৰ্ষৰ পৰা প্ৰতিবছৰে এখনকৈ গ্ৰন্থ প্ৰকাশ কৰি পাঠকৰ হাতত তুলি দিয়াৰ সিদ্ধান্ত লোৱা বুলি আজিৰ অনুষ্ঠানতে ব্যক্ত কৰে। জন্মদিনৰ দিনা তেওঁলোকৰ এই মহৎ প্ৰয়াসক স্থানীয় সকলো ৰাইজে শলাগ লৈছে।

Related Articles