গড়ভঙাত ধুমুহাত বিধ্বস্ত লোকলৈ প্ৰশাসনৰ সহায়ৰ হাত…

ৰাজ্যৰ আন প্ৰান্তৰ লগতে ৩১ মাৰ্চত পশ্চিম গুৱাহাটীৰ সমষ্টিৰ অন্তৰ্গত ৰাণী আৰু গড়ভঙা অঞ্চলত বিস্তৰ ক্ষতিসাধন হয়। আনকি ৰাণীত প্ৰায় ৪০০ টা পৰিয়ালৰ প্ৰায় ৬০০ টা ঘৰ কম – বেছি পৰিমাণে ধ্বংস হোৱাৰ বিপৰীতে গড়ভঙাৰ জালুকপাহাম আৰু মাটাঙত ৬০ টা পৰিয়ালৰ প্ৰায় ১০০ টাৰো অধিক ঘৰ ধ্বংস হয়। ইতিমধ্যেই দুই এপ্ৰিলত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ধুমুহাত বিধ্বস্ত মাটাং আৰু জালুকপাহাম পৰিদৰ্শন কৰি ক্ষয় – ক্ষতিৰ বুজ লয়।

আনহাতে বিধায়ক কলিতাৰ নিৰ্দেশ মৰ্মে ৪ এপ্ৰিলত পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিমাদ্ৰী বড়াই মাটাং আৰু জালুকপাহামলৈ গৈ দুৰ্গত ৰাইজৰ মাজত কিছু পৰিমাণৰ খাদ্য সামগ্ৰী বিতৰণ কৰে । বিতৰণ কাৰ্যসূচীত বিধায়ক কলিতাৰ নিৰ্দেশ মৰ্মে অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰাজেন চন্দ্ৰ মেধি, মনোৰঞ্জন দাস বৰো আৰু ৰঞ্জিত বৰো , অগপৰ কেন্দ্ৰীয় সম্পাদক, ৰবীন দৈমাৰীকে ধৰি দলৰ কেবাজনো কৰ্মকৰ্তা উপস্থিত আছিল।

Related Articles