অনলাইন বাৰ্তা, ১৫ ডিচেম্বৰ: মহানগৰীৰ গান্ধী মন্ডপ পথৰ বিকল ষ্ট্ৰীট লাইটে সন্ধিয়া অন্ধকাৰচন্ন কৰি তুলিছে শৰনীয়া পাহাৰ ৷ ২অক্টোবৰ গান্ধী জয়ন্তী উপলক্ষে মহানগৰ জিলা প্ৰশাসন – গুৱাহাটী পৌৰনিগমে গান্ধী মন্ডপৰ বৃহত্তৰ অঞ্চল সজাইপৰাই ৰঙীল কৰি তোলে ৷ অনুষ্ঠান শেষ হোৱাৰ পিছৰ পৰা এবাৰো চোৱাৰ আহৰি নাই জিলা প্ৰশাসন তথা গুৱাহাটী পৌৰনিগমৰ ৷ স্হানীয় ৰাইজৰ অভিযোগ অনুসৰি গান্ধীজয়ন্তী উদযাপনৰ মাত্ৰ দুই তিনিদিন আগতে ষ্ট্ৰীট লাইট সমুহ মেৰামতি কৰি পোহৰায় তোলা হৈছিল শৰনীয়া পাহাৰ ৷ কিন্তু এমাহ পাৰ নহোতেই ষ্ট্ৰীট লাইট সমুহ বিকল হোৱা দেখা গৈছে ৷ ইয়াৰ বাবেই বৃহত্তম এলেকাত সন্ধিয়াৰ পৰা অন্ধকাৰচন্ন হৈ পৰে ৷ একাংশ স্হানীয় ৰাইজে জনোৱা মতে শৰনীয়া মুল পথৰ পৰা গান্ধীমন্ডপ যোৱা পথচোৱাত মাত্ৰ ১০-১২ ষ্ট্ৰীট লাইট সন্ধিয়াৰ ভাগত জ্বলে যদিও বাকী লাইট সমুহ সম্পূৰ্ণ বিকল ৷ এনেক্ষেত্ৰত গান্ধী মন্ডপ দৰ্শন কৰিব অহা বিভিন্ন স্তৰৰ ব্যক্তিসকলে সন্ধিয়া সময়ত লাইটৰ অভাবত যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ সন্ধিয়া আন্ধাৰৰ সুযোগ গ্ৰহন কৰি এচাম যুৱক – যুৱতীয়ে নিশালৈ আদ্দাস্হলীত পৰিনত কৰিছে গান্ধীমন্ডপ অঞ্চল ৷ আন একাংশই সন্ধিয়া হলেই মুকলি মুৰীয়াকৈ মদ,ভাং খোৱা পৰিলক্ষিত হৈছে ৷ সন্ধিয়া ভ্ৰমন কৰিবলৈ অহা নাগৰিক সকলৰ একাংশই জানিবলৈ দিয়ে যে মদ ভাং অসামাজিক কাৰ্য্য স্হলীত পৰিনত হৈছে বৃহত্তৰ গান্ধী মন্ডপ অঞ্চল ৷ ইয়াৰ বাবেই অতি শীঘ্ৰেই ষ্ট্ৰীট লাইট সমুহ মেৰামতিৰ বাবেই গুৱাহাটী পৌৰনিগম তথা জিলা প্ৰশাসনৰ ওচৰত দাবী জনাই ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…