সমাজকৰ্মী উত্তম টেৰণক গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা প্ৰদান…

গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্বষ্টে (জি কে বি টি) ২০১৮ চনৰ পৰা প্ৰদান কৰি অহা ‘গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা -২০২৪ ‘এইবেলি ষষ্ঠবাৰৰ বাবে প্ৰদান কৰিছে গুৱাহাটীৰ গড়চুকৰ সমীপৰ পামহীস্থিত পাৰিজাত একাডেমীৰ প্ৰতিষ্ঠাপক উত্তম টেৰণক। বৃহস্পতিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উত্তম টেৰণক এই সন্মানীয় বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে ৫০ হাজাৰ টকাৰ চেক, এটা স্মাৰক, এখন প্ৰশস্তি পত্ৰ, এখন আৰণাই আৰু গ্ৰন্থৰ টোপোলা। উল্লেখযোগ্য যে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ ১৬৫ সংখ্যক জন্ম দিনৰ লগত সংগতি ৰাখি ১৮ এপ্ৰিলৰ দিনটো ২০২২ চনৰ পৰা বি টি আৰ চৰকাৰেও এই দিৱসটো পালন কৰি আহিছে বুলি ট্বাষ্টৰ সভাপতি ড° অজিত বড়োয়ে জানিবলৈ দিয়ে।

আনহাতে শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দিনৰ ১০ বজাত গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ক্ৰমে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকা, এছ ই ডি এছ’ৰ উপ সভাপতিত্ৰয় ফতেন্দ্ৰ বসুমতাৰী, নিৰঞ্জন ব্ৰহ্ম আৰু থুলেশ্বৰ কছাৰী, বড়ো সমাজৰ সভাপতি বেণুধৰ বসুমতাৰী, সদৌ ব্ৰহ্ম ধৰ্ম মহিলা ফৰামৰ সভানেত্ৰী বিদাংশ্ৰী ব্ৰহ্ম, সদৌ ব্ৰহ্ম ধৰ্ম যুৱ ফৰামৰ সম্পাদক ছানচুমা নাৰ্জাৰীয়ে । আনহাতে দিনৰ ১১ বজাত ট্বাষ্টৰ সভাপতি ড° অজিত বড়োৰ আদৰণী ভাষণৰে শুভাৰম্ভ হোৱা সভাখনত সভাপতিত্ব কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৱে। সভাখন উদ্বোধন কৰে আৰ এছ এছৰ অসম প্ৰান্তৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই। আনহাতে সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ উত্তম টেৰণক ছয় সংখ্যক গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই। সভাত ধীৰাজ কুমাৰ বায়নে গুৰুদেৱৰ জীৱনৰ আধাৰত ৰচনা কৰা আৰু গুৰুদেৱ পাব্লিকেচননে প্ৰকাশ কৰা এখন আত্মজীৱনীমূলক গ্ৰন্থ উন্মোচন কৰে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীয়ে। তেনেদৰে ট্বষ্টে প্ৰকাশ কৰা ‘গুৰুদেৱ কালীচৰণ নি বচন’ নামৰ গ্ৰন্থ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত আই এছ বিষয়া হেমন্ত নাৰ্জাৰীয়ে।

সভাত বিশেষ অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকা আৰু বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰী, বিশিষ্ট অতিথি হিচাপে এছ বি ডি পি এছৰ মুখ্য দায়িত্ববাহী মনোৰঞ্জন ব্ৰহ্ম, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া হেমন্ত নাৰ্জাৰী, বাথৌ মহাসভাৰ সম্পাদক গণেশ দৈমাৰী, জি বি এৰ উপ সভাপতি ৰজনীকান্ত ব্ৰহ্ম, এছ ই ডি এছ’ৰ সভাপতি অশ্বিনী কুমাৰ স্বৰ্গীয়াৰী, বড়ো কছাৰী স্বায়ত্ত কল্যাণ পৰিষদৰ অধ্যক্ষ অনিল বসুমতাৰী আৰু এছ পি এছৰ অধিনায়ক ৰমেশ চন্দ্ৰ ব্ৰহ্মই। শেষত শলাগৰ শৰাই আগবঢ়াই ট্বাষ্টৰ সম্পাদক পিয়াৰী মোহন ব্ৰহ্মই। উল্লেখ্য যে উত্তম টেৰণে দীৰ্ঘদিন ধৰি সমাজৰ অৱহেলিত, দৰিদ্ৰ শিশুসকলৰ শিক্ষা প্ৰদানকে ধৰি মানৱ সেৱাত ব্ৰতী হৈ নিজকে সমৰ্পিত কৰাৰ বাবে ১৭ মাৰ্চত অনুষ্ঠিত জুৰি বৰ্ডৰ বৈঠকত তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল।

Related Articles