জামুগুৰিহাট, ১৯ ডিচেম্বৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতা-ভস্ম লৈ যোৱা ৯ ডিচেম্বৰৰ পৰা সমগ্ৰ অসমত উলিওৱা “শান্তি সদ্ভাৱনা যাত্ৰা” আজি পুৱা জামুগুৰিহাটত উপস্থিত হয়৷সেই উপলক্ষে জামুগুৰিহাটৰ ৰাজ্যিক পৰিবহণ বাছ আস্থানৰ কাষতেই এখনি স্মৃতিচাৰণ সভা আৰু খোল,তাল,নাগাৰা, নাম,কীৰ্তনসহ এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো অনুষ্ঠিত হয়।প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ নেতৃত্বত আৰু পৰিয়ালৰ আন সদস্যসকলৰ সহযোগত পৰিচালিত হোৱা এই শান্তি সদ্ভাৱনা যাত্ৰা জামুগুৰিহাটত উপস্থিত হোৱাৰ পাছতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ লগতে কংগ্ৰেছ দলৰ সদস্যসকলে প্ৰয়াত মুখ্যমন্ত্ৰী তথা জননেতা গৰাকীৰ প্ৰতি একাঁজলি শ্ৰদ্ধা নিবেদন কৰে।অনুষ্ঠানত প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ পুত্ৰ গৌৰৱ গগৈয়ে অংশ গ্ৰহণ কৰি পিতৃক স্মৰণ কৰি কয় ‘দেউতাই কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলত থাকিলেও নিজৰ প্ৰাণটো সদায় জাতীয়তাবাদী চিন্তাৰে পৰিপুষ্ট কৰি ৰাখিছিল।সেয়েহে তেওঁ অসম আৰু অসমীয়াৰ হকে সদায় অন্ত:কৰণৰে কাম কৰি গৈছিল আৰু অসমৰ ৰাইজেও অভিলেখ সংখ্যক তিনিবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ দিছিল।দেউতাৰ মৃত্যুৰ পিছত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ জনগণে দেখুওৱা মৰমত তেওঁ অভিভূত হৈ পৰা বুলি উল্লেখ কৰি সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে অসমৰ ৰাইজে তৰুণ গগৈক সদায় বিপদৰ বন্ধু হিচাপে মনত ৰাখিব বুলিও উল্লেখ কৰে।উত্তৰ অসমৰ সমন্বয়কৰ দায়িত্বত থকা যুৱনেতা দাদুল বৰকাকতীয়ে আঁত ধৰা প্ৰায় এক ঘন্টাৰো অধিক সময় ধৰি জামুগুৰিহাটত অনুষ্ঠিত হোৱা প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত এপিচিচিৰ কেবাগৰাকীও বিষয়ববীয়া,সমষ্টিটোৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰী,নদুৱাৰ ব্লক কংগ্ৰেছৰ সভানেত্ৰী গীতালি ভট্টৰায়কে ধৰি কংগ্ৰেছ দলৰ বিষয়ববীয়া সকলো উপস্থিত আছিল।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…