নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ গোটে এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই কাৰ্য্যসূচীৰ অধীনত মেৰমুখৰ শিলিখিগুৰি বড়িগাঁও অন্যতম ব্যস্ত এলেকাত পৰিৱেশ সজাগতাৰ আয়োজন কৰা হয়। নাম পঞ্জীয়ণ, স্বাস্থ্য যতন আদি অন্তত দ্বিতীয় দিনা নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা অলকা বৰদলৈয়ে পতাকা উত্তোলন আৰু আনুষ্ঠানিক ভাবে উদ্বোধন কৰে।কাৰ্যসূচী আৰম্ভণিতে ৰাষ্ট্ৰীয় সেৱা আঁচনি, নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গোটৰ বিষয়া তথা ইংৰাজী বিভাগৰ শিক্ষক তথা ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ বিষয়া শিক্ষক দীপক বৰা আৰু সহ: বিষয়া তথা অসমীয়া বিভাগৰ বিষয় শিক্ষক ৰাষ্ট্ৰীয় সেৱা আঁচনি প্ৰতিষ্ঠাৰ আঁৰৰ ইতিহাস, ইয়াৰ উদ্দেশ্য তথা সমাজৰ প্ৰতি ইয়াৰ সেৱক সকলৰ দায়বদ্ধতাৰ বিষয়ে স্বেচ্ছাসেৱকসকলক অৱগত কৰে উপস্থিত থাকে ফুলনি খাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হীৰেন দাস আৰু চন্দন জ্যোতি শইকীয়া লগতে স্থানীয় নামঘৰীয়া আৰু বয়োজ্যেষ্ঠ লোক সকল।

সমাজ সেৱাৰ জৰিয়তে মূল প্ৰজন্মৰ ব্যক্তিত্ব বিকাশৰ লক্ষ্যৰে ২৪ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা সপ্তাহজোৰা কাৰ্যসূচীৰে পৰিপূৰ্ণ সমাজ সেৱা শিবিৰটি শিলিখাগুৰি বড়িগাঁও নিৰ্বাচন কৰি কাৰ্ৰসূচী ৰূপায়ন কৰা হয়।মেৰমুখ অঞ্চলৰ শিলিখাগুৰি বড়িগাঁও প্ৰাথমিক বিদ্যালয়ত শিবিৰ স্থাপন কৰি ইয়াৰ পিছতেই প্ৰায় ৫০ গৰাকী স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকাই গোটৰ বিষয়া দীপক বৰা আৰু সহ:বিষয়া অনন্ত কুমাৰ গগৈ নেতৃত্বত চাফাই অভিযান চলাই এক বৃহৎ এলেকাত য’তে-ত’তে সিঁচৰতি হৈ থকা আৱৰ্জনা আঁতৰ কৰি অঞ্চলটোৰ সৌষ্ঠৱ বৃদ্ধি কৰাত অৰিহণা যোগোৱাৰ লগতে পৰিষ্কাৰ-পৰিচন্নতাৰ সন্দৰ্ভত এক জনসচেতনতা সৃষ্টি কৰে ।নামঘৰৰ চৌহদ পৰিস্কাৰ ,শিলিখাগুৰি বড়িগাঁও প্ৰাথমিক বিদ্যালয় পৰিস্কাৰ পৰিচন্নতা কৰা গাঁওত দুখীয়া পৰিয়ালৰ সহায় কৰা জেৰুৱা দিয়া,পেলনীয়া সামগ্ৰী নিষ্কাষণ কৰা ,মেৰমুস্থিত সংযুক্ত খেলা সংঘ খেলপথাৰ পৰিস্কাৰ পৰিচন্নতা কৰা,ফুলনি খাট উচ্চ মাধ্যমিক বিদ্যালয়ত চৌহদ চাফাই কাৰ্যসূচী,শিশু কিশোৰ কিশোৰী বয়োজেষ্ঠ স্বাস্থ্য যত্ন,সংগীত চৰ্চা,শৰীৰ চৰ্চা বিভিন্ন দিশত সেৱা আগবঢ়োৱ লগতে গোটৰ নিমন্ত্ৰণ ক্ৰমে নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয় আৰু শিলিখা গুৰি আয়ুস্মান কল্যাণ মন্দিৰৰ স্বাস্থ্য বিষয়া কিশোৰ বৰুৱাৰ জৰিয়তে প্ৰায় দুই শতাধিক ৰাইজক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হয়। লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষক ড°অসীম কুমাৰ বৈদ্য,ভূগোল বিভাগৰ বিষয় শিক্ষক প্ৰশান্ত বৰুৱা ,গণিত বিভাগৰ বিষয় শিক্ষক ৰাণী দাস,ফুলনিখাট উচ্চ মাধ্যমিক বিদ্যালয় হিৰেন দাস, মেৰমুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সভাপতি কবি তথা দৈনন্দিন বাৰ্তা কাকতৰ সংবাদাতা ৰূপম বৰা সমল ব্যক্তি হিচাপে থকাৰ লগতে লুইতপৰীয়া জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক থা খেলুৱৈ ,প্ৰশিক্ষক লক্ষ্যজিত চাৰিঙ্গীয়া,নাৰায়পুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় বিষয় শিক্ষক জয়ন্ত শইকীয়া,সংযুক্ত খেলা সংঘৰ সভাপতি সুজাত দাস ,হিমালয়া যুৱ সংঘৰ সভাপতি বীৰেন কুমাৰ ভাগৱতী ,কৃষক,সাংবাদিক মুক্তিৰ আলি,মাধৱ দেৱ কলেজিয়েটৰ বিষয় শিক্ষক জ্যোতি কুমাৰ গগৈ।
শিক্ষক অভিনেতা নাট্যকাৰ ৰঞ্জন বড়া,সমাজ সেৱক ৰিতুমণি ফুকন,শিলিখাগুৰি বৰিগাঁও প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক দেৱজিত দাস, নাৰায়ণপুৰ উচ্চতৰ মাধযমিক বিদ্যালয়ৰ ইংৰাজী বিভাগৰ বিষয় শিক্ষক মৃন্ময়ী বৰা স্থানীয় সক্ৰিয় যুৱকৰ্মী চন্দ্ৰ দাস,স্থানীয় গাঁওৰ বয়োজেষ্ঠ সকল,বিশিষ্ট নাগৰিক সকলৰ প্ৰমুখ্যে বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত স্বেচ্ছাসেৱক বাহিনীয়ে এক সুস্থ পৰিৱেশৰ বাবে আমাৰ কৰণীয় কাৰ্যপ্ৰণালীৰ বিষয়ে স্থানীয় ৰাইজক অৱগত কৰে।সপ্তাহৰ শেষ দিনটোত সন্ধিয়ালৈ উদয়ণ কৃষ্টি সমাজৰ প্ৰেক্ষাগৃহত বৰগীত , সত্ৰীয়া নৃত্য,দিহা নাম, বিয়া নাম,জ্যোতি সংগীত পৰিৱেশনৰে মুখৰিত কৰাৰ লগতে স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তি আৰু বিশিষ্ট নাগৰিকক সম্বৰ্ধনা জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় সেৱা আঁচনি নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক গোটে গ্ৰহণ কৰা এনে পৰিৱেশ সজাগতামূলক কাৰ্যসূচীক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

