Breaking

টংলাত বৰুৱা ৰেডিঅ হাউচ্ আৰু বেক হাউচ্ ৰ উদ্যোগত কেক প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী অনুষ্ঠান

0 1,231

 টংলা, ২১ ডিচেম্বৰ: ইংৰাজী নববর্ষৰ  প্ৰাক মূহুর্তত কেক বনোৱা প্ৰতিযোগিতাৰে নতুন নতুন শিকাৰুলৈ এক সুযোগ প্ৰদান কৰিবলৈ টংলা আঞ্চলিক আছুৰ কাৰ্যালয়ত কেক প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী অনুষ্ঠানৰ আয়োজন কৰে বৰুৱা ৰেডিঅ হাউচ্ আৰু বেক হাউচে্ । অনুষ্ঠানত প্ৰথম স্থান লাভ কৰে বিশ্বনাথ চাৰিআলিৰ চনম ৰায়ে, দ্বিতীয় স্থান লাভ কৰে শিল্পী ৰাভাই আৰু তৃতীয় স্থান লাভ কৰে অনিমা তালুকদাৰে। অনুষ্ঠানৰ সামৰনিত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱা সকলক পুৰস্কাৰ সহ মানপত্র প্ৰদান কৰে বৰুৱা ৰেডিঅৰ স্বত্বাধিকাৰী নয়ন জ্যোতি বৰুৱাৰ পত্নী সঙ্গীতা বৰুৱাৰ লগতে উদ্যোগতা সকলে। আনফালে প্ৰতিযোগিতাত অংশগ্রহণ কাৰী সকলো প্ৰতিযোগিক এখনকৈ ফুলাম গামোচা আৰু এখনকৈ মানপত্রৰে সম্ভাষণ জনাই। টংলা আঞ্চলিক আছুৰ সভাপতি প্ৰাঞ্জল ডেকাই আত ধৰা অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগিয়ে অংশগ্রহণ কৰি  নিজৰ নিজৰ বাচনি কৰা বিষয়ত কেক বনাই প্ৰদৰ্শন কৰে। এই ব্যতিক্রমী অনুষ্ঠানটিত উপস্থিত থাকে টংলা আঞ্চলিক আছুৰ বিভিন্ন বিষয়ববীয়া সদস্যৰ লগতে অৰ্ধ শতাধিক ৰাইজ। অনুষ্ঠানত অংশগ্রহণ কৰি টংলা আঞ্চলিক আছুৰ সভাপতি প্ৰাঞ্জল ডেকাই কয় যে,- নৱ প্ৰজন্মৰ উদীয়মান লোক সকলৰ বাবে এই কেক প্ৰতিযোগিতাই এখন মঞ্চ প্ৰদান কৰিলে আমি উদ্যগতা সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ । 

Leave A Reply