অনলাইন বাৰ্তা, ২১ ডিচেম্বৰ : ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা দিৱসৰ লগত সংগতি ৰাখি অহা ২৪ ডিচেম্বৰ তাৰিখে কনজিউমাৰ ৰাইটছ অৰ্গেনাইজেশ্বনে বৰপেটাত অনুষ্ঠিত কৰিব এক গ্ৰাহক সজাগতা সভা ৷ বৰপেটা জিলাৰ আইন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ২৪ডিছেম্বৰৰ দিনত ১বজাত অনুষ্ঠিত হ’ব গ্ৰাহক সজাগতা সভা ৷ আজি মহানগৰীৰ এবিচি স্হিত সংগঠনটোৰ কাৰ্য্যলয়ত অনুষ্ঠিত এক সংবাদ মেলত ৰাজ্যিক সাধৰন সম্পাদক কল্যাণ বৰঠাকুৰে সদৰি কৰে ৷ তেওঁ কয় যে গ্ৰাহকক নিজৰ অধিকাৰৰ পৰা বঞ্চিত বা প্ৰতাৰন কৰা কাৰ্য্যৰ বিৰুদ্ধে এই সজাগতা সভা অনুষ্ঠিত কৰা হ’ব ৷ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যালয়ৰ অবসৰপ্ৰাপ্ত ন্যায়ধীশ ইন্দিৰ চাহ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৷ লগতে বৰপেটা জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকিব বুলি বৰঠাকুৰে সদৰি কৰে ৷ সংবাদ মেলত উত্তৰ পূৰ্বাঞ্চল জনেক সভাপতি উত্তম ভট্টাচাৰ্যই উপস্থিত থাকি কয় যে ২৪ডিছেম্বৰ ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা দিৱস ৷ সেইদিনা দিনৰ ১ বজাত বৃষ্টিত কাৰ্যসূচীৰে সজাগতা সভা অনুষ্ঠিত কৰা হ’ব ৷ সভাত প্ৰায় ৪শতাধিক ব্যক্তি উপস্থিত থাকিব ৷ গ্ৰাহকক সজাগতা কৰাই আমাৰ লক্ষ্য বুলি ভট্টাচাৰ্যই উল্লেখ কৰে ৷ উল্লেখ্য যে সংবাদমেল উপসভাপতি ত্ৰিদিব বৰুৱা, বিত্তীয় সম্পাদক পলী চেতীয়া বৰুৱা আৰু সাংগঠনিক সম্পাদক গজেন ভূঞা উপস্থিত থাকে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…