জামুগুৰিহাট, ২১ ডিচেম্বৰ: জামুগুৰিহাটত এইবাৰ যেন চোৰৰ টাৰ্গেট হৈ পৰিছে ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান৷চাৰিদিন পূৰ্ৱে কুসুমটোলাৰ পদ্মপুৰ নামঘৰত চোৰৰ দল প্ৰৱেশ কৰি দানপাত্ৰৰ ধনকে ধৰি অন্যান্য সা-সামগ্ৰী লুটপাত কৰি নিয়াৰ পিছত পুণৰ কালি নিশা চোৰে লুটপাত চলালে কুসুমটোলাৰ নিকটৱৰ্তী ঐতিহাসিক শ্ৰী শ্ৰী নৰোৱা থানত ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা প্ৰায় ৩ কি:মি: দূৰত্বত পথৰ কাষতেই অৱস্থিত থানখনৰ পাঁচটাকৈ তলা ভাঙি চোৰ প্ৰৱেশ কৰি সোণ আৰু ৰূপৰ কেবাপাহো ফুল, প্ৰায় ১০/১২ টা পিতলৰ গঁচা, দানপাত্ৰ ভাঙি প্ৰায় ৫ হাজাৰ টকাকে ধৰি বহু সামগ্ৰী চুৰি কৰি নিয়াৰ লগতে ৰাজ্য চৰকাৰৰ “অসম দৰ্শন” আঁচনিৰ অধিনত থানখনত চলি থকা কামৰ বাবে মজুত কৰি আচবাবসমুহৰ লগতে থানখনৰ ভিতৰত থকা গডৰেজৰ লকাৰ ভাঙি চন্দ্ৰতাপ, গামোছাকে ধৰি সকলো সামগ্ৰী লণ্ডভণ্ড কৰি সিঁচৰিত কৰি থৈ যায় চোৰৰ দলে ৷ পুৱাৰ ভাগতহে ঐতিহ্যমণ্ডিত থানভাগত চোৰ সোমোৱাৰ বিষয়ে স্থানীয় ৰাইজে জানিব পাৰি জামুগুৰি আৰক্ষীক অৱগত কৰে আৰু থান পৰিচালনা সমিতিৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে জামুগুৰিহাটৰ লগতে নিকটৱৰ্তী অঞ্চলসমুহত বৰ্তমান নৈশ পহৰাৰ ব্যৱস্থা নথকাৰ লগতে আৰক্ষীৰো শিথিলতাৰ সুযোগ লৈ বিগত কিছুদিন ধৰি অঞ্চলটিত চোৰৰ সন্ত্ৰাস ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগতে ধৰ্মীয় অনুষ্ঠানসমুহকো শেহতীয়াকৈ চোৰৰ দলে টাৰ্গেট কৰি লোৱাত চিন্তিত হৈ পৰিছে স্থানীয় লোকসকল ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চৰম অপুষ্টিত ভুগি কৰুণ মৃত্যুক সাৱটিলে দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃয়ে ! গোৱাৰ ফ্লেটত উদ্ধাৰ মৃতদেহ, বহুদিন ধৰি খাবলৈ পোৱা নাছিল আহাৰ
- ৰায়বৰেলীৰ পৰা বৰুণ গান্ধীক প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ বিজেপিৰ! প্ৰস্তাৱ নাকচ বৰুণৰ…
- চিয়াচেনৰ কাষতে পথ নিৰ্মাণ চীনৰ! কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ আহিল চীনৰ ভয়ংকৰ অভিসন্ধিৰ কথা…
- লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যত ভোটগ্ৰহণ সম্পন্ন, দেশত ভোটদানৰ হাৰ ৬০.৯৬ শতাংশ, ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা…
- অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…
- পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…
- অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…
- দৈনিক ১ মাহ বিলাহীৰ ৰস খাওক, ওজনৰ লগতে শৰীৰৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব…
- Guwahati Sports Association (GSA) celebrates 66th Foundation Day with glittering annual awards night
- ধেমেচী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সফল সামৰণি। কৃষক, শিল্পী আৰু খেলুৱৈক সম্বৰ্ধনা