কৰোনা ভাইৰাছৰ নতুন প্ৰজাতি বিয়পিবলৈ আৰম্ভ কৰিছে ভাৰতত । বিজয়ৱাড়াত লণ্ডনৰ পৰা উভতি অহা এগৰাকী ভাৰতীয় মহিলাৰ শৰীৰত লাভ কৰা গৈছে এই নতুন প্ৰজাতি। পেছাত স্কুল শিক্ষয়ত্ৰী মহিলাগৰাকীৰ নাম মেৰি ইউনফ্রেড আন ।
ডিচেম্বৰৰ ২১ তাৰিখে তেওঁ লণ্ডনৰ পৰা দিল্লী বিমানবন্দৰলৈ আহিছিল। তাতেই কৰোনা পৰীক্ষা কৰা হয় তেওঁৰ। সেই পৰীক্ষাতেই এই নতুন প্ৰজাতিৰ অস্তিত্ব ধৰা পৰে। ইয়াৰ পিছতে তেওঁক কোৱাৰেণ্টাইনলৈ পঠোৱা হৈছিল যদিও তাৰ পৰা তেওঁ পলাই যায় ।
এই ঘটনাৰ পৰিপ্রেক্ষিতত পূব গোদাবৰী প্রশাসনক সতর্ক কৰিছে দিল্লীয়ে। বুধবাৰে আৰক্ষীয়ে মহিলাগৰাকীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয় ।
আশঙ্কা কৰা হৈছে, তেওঁ যাত্ৰা কৰা ৰে’লখনত বহু সংখ্যক যাত্রীৰ সংস্পর্শলৈ আহিছিল। কেৱল যাত্রীয়েই নহয়, ৰে’ল কর্মচাৰীৰ পৰা হকাৰ, বহুতৰে সংস্পর্শলৈ তেওঁ অহাৰ সম্ভাৱনা আছে বুলি অনুমান কৰা হৈছে। ৰে’লখনত মহিলাগৰাকীৰ পুত্ৰও আছিল।

