ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই ভগ্ন মথাউৰি পৰিদৰ্শন কৰিবলৈ আহি বিয়লি নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত পুৰণিগুদামস্থিত কলিয়াবৰ জিলা বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয়হি। কপিলী আৰু কলং নদীৰ সংকটজনক অৱস্থাত থকা মথাউৰি পৰিদৰ্শন কৰাৰ উদ্দেশ্যে নগাঁৱত আহি উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে পুৰণিগুদামত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয় যে, ৰহা সমষ্টিৰ অধীনৰ বগলাজানত থকা মথাউৰি পৰিদৰ্শন কৰি সেই মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে পূৰ্বৰ ৰহা সমষ্টি আৰু বৰ্তমানৰ বঢ়মপুৰ সমষ্টিৰ অধীনলৈ যোৱা চাংচকী অঞ্চলত কপিলী নদীৰ বানপানীৰ পৰা ৰক্ষা পাবলৈ সাত কিলোমিটাৰ মথাউৰিৰ প্ৰয়োজন আৰু সেই মথাউৰিৰ নিৰ্মাণ কৰা হ’ব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়া হয় বুলি সংবাদ মাধ্যমত অৱগত কৰে মন্ত্ৰীগৰাকীয়ে।

ইয়াৰ উপৰিও কলিয়াবৰ হাতীমূৰাত কলং নদীৰ খনন চলি আছে আৰু সেয়া পৰিদৰ্শন কৰি তেজপুৰলৈ ৰাওনা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত অৱগত কৰে।কলং সুঁতি খনৰ বাবে হাতত লোৱা “হাতীমূৰা প্ৰকল্প” আগন্তুক ৬ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশ্বাস দিয়ে পীযুষ হাজৰিকাই।ৰাজনীতিৰ কথা নাভাবি এইকেইদিন বানপানী আৰু গৰাখহনীয়া ৰোধৰ কামতহে ব্যস্ত বুলি জনালে মন্ত্ৰী পীযুষে।উল্লেখযোগ্য যে, বাৰিষা আহিলেই কপিলীপৰীয়া ৰাইজৰ জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি আহি পৰে আৰু সেই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান বঢ়মপুৰ সমষ্টিৰ অধীনলৈ অহা হেতুকে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৰ বিশেষ তৎপৰতাত আজি চাংচকীত উপস্থিত হয়হি মন্ত্ৰীগৰাকী।

বৃহত্তৰ অঞ্চলৰ ৰাইজক সকাহ দিবলৈ সাত কিলোমিটাৰ অঞ্চল কপিলীৰ পাৰৰ মথাউৰি নিৰ্মাণ কৰিলে নৈপৰীয়া ৰাইজ বহু উপকৃত হ’ব।নহ’লে বছৰ-বছৰ ধৰি বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰি বহুলোকে সেই স্থান এৰি আন ঠাইলৈ আঁতৰি যাব লগা হৈছে।এনেক্ষেত্ৰত মন্ত্ৰীগৰাকীৰ এই তৎপৰতা কিমান দূৰ ফলপ্ৰসু হয় সেইটো লক্ষণীয় হ’ব।ইফালে, কপিলী নদীয়ে ভয়াৱহ বান পৰিস্থিত আৰু গৰাখহনীয়াৰ সৃষ্টি কৰা বৰ্তমান বঢ়মপুৰ সমষ্টিৰ অধীনৰ বকুলগুৰি,আটিগাঁও,কপিলীকান,গোসাঁই গাঁও গাৰুখুন্দা,চাংচকী আদি অঞ্চলত যদি মথাউৰি নিৰ্মাণ হয় তেনেহ’লে কপিলীপৰীয়া ৰাইজে মথাউৰি নিৰ্মাণৰ বাবে নিজৰ পট্টা মাটি এৰি দিব বুলি জানিব পৰা গৈছে।দীৰ্ঘদিন ধৰি বানপানীত ককবকাই থকা এইসকল কপিলীপৰীয়া ৰাইজক বিধায়ক জিতু গোস্বামীৰ তৎপৰতাত মন্ত্ৰীগৰাকীয়ে যদি মথাউৰি নিৰ্মাণ কৰি সকাহ দিব পাৰে তেনেহ’লে বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ এক বৃহৎ সফলতা বুলি স্থানীয় একাংশ লোকে জানিবলৈ দিছে।


