অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰক ঘোষণাৰ দাবী কেন্দ্ৰীয় সভাপতি কৈলাশ গুপ্তাৰ।অসমত বসবাস কৰি অহা ভোজপুৰী সকলৰ অন্যতম শক্তিশালী অনুষ্ঠান সদৌ অসম ভোজপুৰী পৰিষদৰ এটি স্থায়ী কাৰ্যালয় নিৰ্মাণৰ প্ৰস্ততি। মাৰ্ঘেৰিটাৰ বালুখাদত সোমবাৰে আনুষ্ঠানিকভাৱে সম্পন্ন হয় ভূমি পূজন আৰু আধাৰশিলা উদ্বোধন কাৰ্যসূচী।

সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি কৈলাশ গুপ্তা মাৰ্ঘেৰিটা পৌৰসভাৰ পৌৰপতি আনন্দ কুমাৰ শৰ্মা তথা তিনিচুকীয়া জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে যুটীয়া ভাৱে আধাৰশিলাৰ আৱৰণ আঁতৰাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। শুভ অনুষ্ঠানটোত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰাজেন্দ্ৰ প্ৰসাদ ৰায় মাৰ্ঘেৰিটা আঞ্চলিকৰ লগতে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

