গুৱাহাটী, ১৭ অক্টোবৰ : বিদেশী নাগৰিকৰ চিনাক্তকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় । ১৯৫১ নহয়, ১৯৭১ চনৰ ২৫ মাৰ্চ হ’ব বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ । উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায় । ‘৫১ নহয়, ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় ।(NRC Base Year)
দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ দ্বাৰা গঠিত বিচাৰপীঠে এই ৰায় ঘোষণা কৰে । ৰায়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ আৰু মনোজ মিশ্ৰই ১৯৭১ চন ভিত্তিবৰ্ষৰ সপক্ষে ৰায়দান কৰে । আনহাতে, জে বি পাৰ্দিৱালাই ১৯৫১ চন ভিত্তিবৰ্ষৰ সপক্ষে ৰায়দান কৰে ।
ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে বৃহস্পতিবাৰে নাগৰিকত্ব আইনৰ 6A ধাৰাৰ সাংবিধানিক বৈধতা বাহাল ৰাখে । উল্লেখ্য যে এই ধাৰাই বিদেশী ভূখণ্ড বিশেষকৈ বাংলাদেশৰ পৰা ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিতৰত অসমত প্ৰৱেশ কৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্বৰ সুবিধা প্ৰদান কৰে ।

