নতুন দিল্লী, ২৯ অক্টোবৰঃ দীপাৱলী সমাগত। সমগ্ৰ দেশৰ হিন্দুধৰ্মীলোকসকলে দীপাৱলীৰ বাবে প্ৰায় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দীপাৱলী উপলক্ষে অযোধ্যাত হাজাৰ হাজাৰ দিয়া জ্বলোৱাৰ অভিলেখ ভংগকাৰী প্ৰস্তুতিক প্ৰশংসা কৰে।
উল্লেখযোগ্য যে ৰাম মন্দিৰ(Ram Returns Home) নিৰ্মাণৰ পিছত অযোধ্যাৰ বাবে এয়া প্ৰথম দীপাৱলী(Diwali)।
প্ৰায় ১২,৮৫০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰি চৰকাৰৰ ফ্লেগশ্বিপ স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰতক ৭০ বছৰ আৰু তাৰ ওপৰৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ সম্প্ৰসাৰণ কৰাৰ পিছত ৰাইজৰ সৈতে হোৱা কথা-বতৰাত প্ৰধানমন্ত্ৰী মোদীয়ে(Prime Minister Narendra Modi) কয় -এই দীপাৱলী ঐতিহাসিক।
প্ৰধানমন্ত্ৰীয়ে কয় যে এই দীপাৱলী ঐতিহাসিক(Historic) হ’ব, কাৰণ ১৪ বছৰৰ পিছত নহয় , ৫০০ বছৰৰ পিছত ঘৰলৈ উভতি আহিছে ৰাম। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই উপলক্ষে অযোধ্যাৰ ৰাম লাল্লাৰ জন্মস্থানত নিৰ্মিত মন্দিৰত হাজাৰ হাজাৰ দীপ জ্বলোৱা হ’ব।
মোদীয়ে “এই দীপাৱলী ঐতিহাসিক, ৫০০ বছৰৰ(500 year) পিছত এনে এটা অনুষ্ঠান আহিছে যেতিয়া অযোধ্যাৰ ৰামলাল্লাৰ জন্মস্থানত নিৰ্মিত মন্দিৰত হাজাৰ হাজাৰ দীপ জ্বলোৱা হ’ব।
ই এক আকৰ্ষণীয় উদযাপন হ’ব। এইবাৰ এনে এক দীপাৱালী হ’ব যি ৰামৰ বাবেই হ’ব। ৫০০ বছৰৰ পাছত এই অপেক্ষা পূৰণ হৈছে।’
চলিত বৰ্ষৰ জানুৱাৰী মাহত অযোধ্যাৰ ৰাম মন্দিৰত ৰাম লাল্লাৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছিল।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় “ধনতেৰাছ সৌভাগ্য আৰু স্বাস্থ্যৰ উদযাপনৰ দিন কেৱল নহয়, ই ভাৰতীয় সংস্কৃতিৰ জীৱন দৰ্শনৰ প্ৰতীক।
আমাৰ ‘ঋষি’ সকলে কৈছে যে স্বাস্থ্যই হৈছে চূড়ান্ত সৌভাগ্য আৰু চূড়ান্ত সম্পদ।”

