প্ৰতিদিনে দেশ তথা বিশ্বত খাদ্য সামগ্ৰীক লৈ বিতৰ্কৰ সৃষ্টি হয়। বিশেষকৈ যেতিয়া আমিষ আৰু নিৰামিষৰ কথা আহে। এনে পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশৰ আমৰোহাৰ এটা খবৰে বিগত কেইবাদিন ধৰি চৰ্চা চলি আছে। এতিয়া এলাহাবাদ উচ্চ ন্যায়ালয়ে এই বিষয়ত ৰায় দিছে। টিফিনত নন-ভেজ খাদ্য অনাৰ বাবে বিদ্যালয়ৰ পৰা বহিষ্কাৰ হোৱা ছাত্ৰ-ছাত্ৰীক দুসপ্তাহৰ ভিতৰত আন কোনোবা বিদ্যালয়ত নামভৰ্তিৰ ব্যৱস্থা কৰিবলৈ আমৰোহাৰ জিলা দণ্ডাধীশক নিৰ্দেশ দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। আদালতে জিলা দণ্ডাধীশক এই আদেশ মানি চলাটো নিশ্চিত কৰি শপতনামা দাখিল কৰিবলৈ কয়।(Non Veg Tiffin)
আচলতে এই আদেশ তিনিটা সন্তানৰ মাতৃ ছাব্ৰাৰ আবেদনত দিয়া হৈছিল। হিন্দুস্তান টাইমছত প্ৰকাশিত এক বাতৰি অনুসৰি শিশুকেইটাৰ মাতৃয়ে নিজৰ আবেদনত বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়নৰ দাবী জনাইছিল। তেওঁলোকৰ সন্তানক অন্যায়ভাৱে বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সিদ্ধাৰ্থ আৰু ন্যায়াধীশ এছ চি শৰ্মাৰ বিচাৰপীঠে এই সিদ্ধান্ত লয়।(Amroha school Lunchbox)
শিশুসকলৰ শৈক্ষিক ক্ষতিৰ ক্ষতিপূৰণৰ বাবে ৰাজ্য চৰকাৰক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈও দাবী জনাইছে আবেদনকাৰীয়ে। বিদ্যালয়ৰ অধ্যক্ষৰ এই কথিত কাৰ্য্যই শিশুসকলৰ শিক্ষাত বাধাৰ সৃষ্টি কৰিছে বুলিও তেওঁ কয়।
কেৱল এয়াই নহয়, ছাব্ৰাৰ মতে, তেওঁৰ সন্তান তৃতীয় শ্ৰেণীত পঢ়িছিল আৰু চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ভাই-ভনী দুয়ো স্কুলৰ পৰা বহিষ্কাৰ কৰিছিল। এই বিদ্যালয়খন চিবিএছইৰ। অভিযোগ অনুসৰি অধ্যক্ষই শিশুকেইটাক আমিষ খাদ্য অনাৰ বাবে বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰিছিল।
প্ৰতিবেদন অনুসৰি এই ঘটনাৰ সৈতে জড়িত এটা ভিডিঅ’ও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ভিডিঅ’টোত শিশুসকলৰ মাতৃ আৰু অধ্যক্ষৰ মাজত বাৰ্তালাপ চলি আছিল। এই ভিডিঅ’টোৱে সমগ্ৰ বিষয়টো আলোচনাৰ মাজলৈ লৈ আহিছিল। বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা মনত ৰাখি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আদালতে দিছে।

