Breaking

ঠিকাদাৰৰ হেমাহিৰ বাবে পৰিত্যক্ত হৈ পৰিছে কালাতলী-নতুন কাঠমি গড়কাপ্তানী পথ

0 79

সোণতলী

চৰকাৰে গড়কাপ্তানী বিভাগৰ কামত কোটি কোটি টকা খৰচ কৰে যদিও এই কামত জড়িত একাংশ ঠিকাদাৰৰ দায়িত্বহীনতাৰ বাবে বছৰৰ পিছত বছৰ ধৰি যমৰ যাতনা ভূগি থাকিব লগীয়া হয়৷ ঠিকাদাৰৰ শামুকীয়া বিভাগে কামৰ দায়িত্ব অৰ্পণ কৰিলে ঠিকাদাৰ তাপস কুমাৰ ৰায় চৌধুৰীক৷ ঠিকাদাৰে কাম আৰম্ভও কৰিলে৷ কাম আৰম্ভ কৰিলে ঠিকেই কিন্তু কাম সম্পূৰ্ণ কৰাৰ ডেড লাইন হৈ গল অতিক্ৰম৷ ফলত ৰাইজে ভূগিছে যমৰ যাতনা৷ উল্লেখ্য যে   কামৰূপ জিলাৰ বকো সমষ্টিৰ কালাতলী বজাৰৰ পৰা নতুন কাঠমীলৈ যোৱা প্ৰায় আঢ়ৈ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাস্তাৰ কাম লাভ কৰে ঠিকাদাৰ তাপস কুমাৰ ৰায় চৌধুৰীয়ে৷ ৰাস্তাৰ নিৰ্মাণৰ কাম ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে আৰম্ভ কৰিলে ঠিকেই, কিন্তু ঠিকাদাৰৰ কামৰ প্ৰতি থকা অনিহা আৰু দায়িত্বহীনতাৰ বাবে কাম সম্পূৰ্ণ হোৱা দিন য়োৱা ২৪ ফেব্ৰুৱাৰীত ম্যাদ উকলি গৈছে যদিও বৰ্তমানলৈ প্ৰথম পৰ্যায়ৰ কাম শেষ কৰিব পৰা নাই৷ ৰাজ্যত লকডাউন চলি থকাৰ অজুহাতত ঠিকাদাৰে কাম বন্ধ কৰা বুলি উল্লেখ কৰিলেও ৰাইজে লকডাউনৰ পূৰ্বৰ পৰাই কাম বন্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছে৷ ৰাজহুৱা স্বাৰ্থক গুৰুত্ব দি এই পথৰ কাম অনতি পলমে সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে৷

Leave A Reply

Your email address will not be published.