Firecrackers: নিয়ম ভংগ কৰিলেই হ’ব পাৰে জেল-জৰিমনা, নোৱাৰিব ফটকা ফুটাব!

নৱবৰ্ষ ২০২৫লৈ মাজত মাত্ৰ কিছু মুহুৰ্ত। সকলোৱে উদযাপন কৰিব নৱবৰ্ষ। নৱবৰ্ষৰ উদযাপনৰ প্ৰাকমূহুৰ্তত বাংলাদেশ চৰকাৰে কিছু নিয়ম বান্ধি দিছে। যদি কোনোবাই বাংলাদেশত নৱবৰ্ষৰ নিশা ফটকা জ্বলাই তেন্তে তেওঁ হয়তো জৰিমনা ভৰিব লাগিব। আনকি তেওঁ কেইমাহমানৰ বাবে জেললৈও যাবলগীয়া হ’ব পাৰে। ঢাকাত অনুষ্ঠিত হৈছে এখন মোবাইল ক’ৰ্ট।(Firecrackers) সোমবাৰে বাংলাদেশৰ পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰালয়ে এক বিবৃতিত এই তথ্য প্ৰদান কৰিছে।

অধিসূচনা অনুসৰি ফটকা জ্বলোৱা আৰু ফটকা ফাটি যোৱাটো শব্দ প্ৰদূষণ (নিয়ন্ত্ৰণ) আইন, ২০০৬ৰ অধীনত শাস্তিযোগ্য অপৰাধ। যদি কোনোবাই প্ৰথমবাৰৰ বাবে আইন উলংঘা কৰে তেন্তে তেওঁক এমাহৰ কাৰাদণ্ড বা পাঁচ হাজাৰ টকা জৰিমনা বিহা হ’ব পাৰে। অপৰাধৰ গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি কাৰাদণ্ড আৰু জৰিমনা দুয়োটা আৰোপ কৰিব পাৰি। আৰু একেটা অপৰাধ পুনৰাবৃত্তি হ’লে ছমাহৰ কাৰাদণ্ড বা ১০ হাজাৰ টকীয়া জৰিমনা বিহা হ’ব পাৰে।

ইতিমধ্যে মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে ইংৰাজী নৱবৰ্ষত আতচবাজী আৰু শব্দৰ ব্যৱহাৰ বন্ধ কৰিবলৈ ৰাজধানী ঢাকাৰ বিভিন্ন ক্লাব আৰু সংগঠনলৈ পত্ৰ প্ৰেৰণ কৰিছে। আনহাতে, সেই দেশৰ পৰিৱেশ সুৰক্ষাৰ লগত জড়িত বিভিন্ন সংগঠনেও ছ’চিয়েল মিডিয়াত বাজি বন্ধ কৰিবলৈ আগবাঢ়িছে।

বাংলাদেশৰ পৰিৱেশ মন্ত্ৰালয়ৰ অধিসূচনাত আতচবাজী আৰু শব্দৰ নেতিবাচক দিশসমূহৰ ওপৰত আলোকপাত কৰা হৈছে। ই কেনেদৰে স্বাস্থ্য, পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষতি কৰে সেই বিষয়েও উল্লেখ কৰা হৈছে।

Related Articles