Breaking

বাতিল হ’ব টকিঅ’ অলিম্পিক !

0 83

বিশ্ব ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ মহাৰণ অলিম্পিক আয়োজন কৰাৰ সৌভাগ্য হেৰুৱাব নেকি টকিঅ’ই? জাপান চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি (আই অ’ চি)ৰ অধ্যক্ষই সেই ইংগিতেই দিছে৷ বিশ্ব মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবে ইতিপূৰ্বে গোলকীয় ক্ৰীড়া মহোৎসৱ অলিম্পিক এবছৰলৈ স্থগিত কৰা হয়৷ মাৰ্চত জাপানৰ চৰকাৰ আৰু আই অ’ চিয়ে আলোচনামৰ্মে এই সিদ্ধান্ত লৈছিল৷ সেই অনুযায়ী চলিত বৰ্ষৰে জুলাইত হ’বলগীয়া অলিম্পিক ২০২১ৰ জুলাইলৈ স্থগিত কৰা হয়৷ কিন্তু অহা বছৰো যদি নিয়ন্ত্ৰণহীন ক’ৰোনাৰ বাবে অলিম্পিক অনুষ্ঠিত কৰিব পৰা নাযায়, তেনেহ’লে সম্পূৰ্ণৰূপে বাতিল কৰিব টকিঅ’ অলিম্পিক৷ সমগ্ৰ বিশ্বতে প্ৰতিদিনে মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংহাৰ বৃদ্ধি পাইছে৷ এই ভাইৰাছৰ ভয়াৱহতা হ্ৰাস নাপালে টকিঅ’ত মাল্টি স্প’ৰ্টছ গোলকীয় প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব নিদিয়ে জাপান চৰকাৰে৷ অলপতে জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবে স্পষ্টকৈ কয়৷ আই অ’ চিৰ অধ্যক্ষ বাখেও সামগ্ৰিক পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰি জাপান চৰকাৰৰ সিদ্ধান্তত সন্মতি দিছে৷ সেয়ে পৰিস্থিতি নিয়ন্ত্ৰিত নহ’লে পুনৰ অলিম্পিক আয়োজনৰ গৌৰবৰ পৰা বঞ্চিত হ’ব টকিঅ’৷ জাপানত ১৭ হেজাৰৰো অধিক আক্ৰান্ত হৈছে কৰোনাত৷ এই ভাইৰাছে দেশখনত ৭৯৭ জনৰ প্ৰাণ কাঢ়ি নিছে ৷

Leave A Reply