১৭৯ গৰাকীলৈ বার্ষিক শিল্পী সন্মান । Bimal Bora

১৭ জানুৱাৰী, ২০২৫ঃ Bimal Bora । আজি শিল্পী দিৱস। ইয়াৰ প্ৰাকক্ষণত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ঘোষণা কৰিলে ২০২৪–২৫ বৰ্ষৰ শিল্পী সন্মান ৷ ফেচবুক লাইভযোগে এই কথা জনালে মন্ত্ৰী বিমল বৰাই।
৭৩ গৰাকী শিল্পীলৈ ২০২৪-২৫ বৰ্ষৰ শিল্পী পেঞ্চন। ১৭৯ গৰাকীলৈ বার্ষিক শিল্পী সন্মান। ২৯গৰাকী প্রয়াত শিল্পীৰ পৰিয়াললৈ আগবঢ়োৱা হ’ব ফেমিলী পেঞ্চন।

অতিৰিক্ত ৫ গৰাকী বিশেষভাৱে সক্ষম শিল্পীলৈ বার্ষিক শিল্পী সন্মান। ১০গৰাকী শিল্পীৰ পৰিয়াললৈ এককালীন সাহায্য ঘোষণা। বিশিষ্ট নাট্যকাৰ,সাহিত্যিক তথা সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰাপক পূৰ্ণ কুমাৰ শৰ্মালৈও অসম চৰকাৰৰ বাৰ্ষিক “শিল্পী সন্মান”।

সামাজিক মাধ্যমযোগে সাংস্কৃতিক জগতখনত অনবদ্য অৱদান আগবঢ়াই অহা তথা এই সন্মান লাভ কৰাসকলক শুভেচ্ছা জনাই মন্ত্ৰী বিমল বৰাই।
উত্তৰ কমলাবাৰী সত্ৰৰ অধ্যাপক সত্ৰীয়া সংস্কৃতিৰ সাধক,শিল্পী শ্ৰীযুত ভবেন বৰবায়ন দেৱলৈ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে আগবঢ়াইছে শিল্পী পেঞ্চন । শোণিতপুৰ জিলাৰ অৰুণ নাথ ,তৰুলতা দাস ,কৰুণা শইকীয়াকে ধৰি ১২গৰাকীৰ বাৰ্ষিক শিল্পী পেঞ্চন আৰু ৩গৰাকীয়ে মাহেকীয়া শিল্পী পেঞ্চন লাভ কৰিছে ।

Related Articles