শনিবাৰে মুম্বাইৰ ডি ৱাই পাটিল স্প’ৰ্টছ ষ্টেডিয়ামত অনুষ্ঠিত হয় কল্ডপ্লেৰ ৱৰ্ল্ড ট্যুৰ ২০২৫ৰ প্ৰথম কনচাৰ্ট। নিশা ৮ বজাৰ পৰা আৰম্ভ হোৱা কনচাৰ্টটো নিশা ১০ বজালৈকে চলিছিল।(Chris Martin) ষ্টেডিয়ামত বিপুল সমাগম, প্ৰায় ৪০ হাজাৰৰো অধিক লোকে এই অনুষ্ঠানৰ অংশগ্ৰহণ কৰে।
বহু অপেক্ষাৰ অন্তত মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত আৰম্ভ হৈছে কল্ডপ্লেৰ কনচাৰ্ট। প্ৰথম দিনাই অনুৰাগীৰ মাজত প্ৰচণ্ড উৎসাহৰ সৃষ্টি হৈছিল। ব্ৰিটিছ ৰক বেণ্ড কল্ডপ্লেৰ মুখ্য গায়ক ক্ৰীছ মাৰ্টিনে তেওঁৰ অনুৰাগীসকলক উষ্ম আদৰণি জনায়। এই কনচাৰ্টৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰে এটা ভিডিঅ’ত ক্ৰীছ মাৰ্টিনক নিজৰ অনুৰাগীৰ সৈতে হিন্দী ভাষাত কথা পতা দেখা গৈছে। তেওঁৰ কথা-পতা শৈলীয়ে অনুৰাগীৰ হৃদয় জয় কৰিছিল।
Coldplay's lead singer, Chris Martin reads ‘Jai Shri Ram’ at #ColdplayMumbai & gets the loudest applause 🚩🔥🧡 pic.twitter.com/EdYZfk7POR
— Megh Updates 🚨™ (@MeghUpdates) January 18, 2025
কনচাৰ্টৰ সময়ত ক্ৰীছ মাৰ্টিনে হিন্দী ভাষাত কথা ক’লে, ‘গুড ইভিনিং এভ্ৰিবডি। মুম্বাইলৈ আহি আমি বৰ আনন্দিত হৈছো। স্নায়ু বিশেষজ্ঞ: নিউৰ’পেথী ৰোগীৰ ৯৭% লোকে এই গুৰুত্বপূৰ্ণ কথাটো নাজানে
কনচাৰ্টৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এটা ভিডিঅ’ত ক্ৰীছে ‘জয় শ্ৰী ৰাম’ বুলিও কোৱা দেখা গৈছে। এই কনচাৰ্টটো কল্ডপ্লেৰ ‘মিউজিক অৱ দ্য স্পেয়াৰ্ছ ৱৰ্ল্ড টু’ৰ এটা অংশ। এই শ্ব’টো ২০২৫ চনৰ ১৮, ১৯ আৰু ২১ জানুৱাৰীত মুম্বাইত অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও অহা ২৫ আৰু ২৬ জানুৱাৰীত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামতো অনুষ্ঠান পৰিৱেশন কৰিব বেণ্ডটোৱে। ইয়াৰ পূৰ্বে ২০১৬ চনত গ্ল’বেল চিটিজেন ফেষ্টিভেলৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছিল এই ব্ৰিটিছ ৰক বেণ্ড।

