২২ জানুৱাৰী,২০২৫ : মঙলদৈ: DILIP SAIKIA । বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে প্ৰথমবাৰৰ বাবে মঙলদৈত উপস্থিত হৈ দলীয় সম্বৰ্ধনা গ্ৰহণ কৰে দিলীপ শইকীয়াই। সম্বৰ্ধনা অনুষ্ঠানত ভাষণ দি তেওঁ কয়, “ভাৰতীয় জনতা পাৰ্টীৰ ৬৫ লাখ কৰ্মীৰ কঠোৰ পৰিশ্ৰম আৰু তপস্যাৰ ফলত ৰাইজৰ সেৱা কৰিবলৈ সক্ষম হৈছো। আগন্তুক দিনত আমাৰ দলটো ৰাইজৰ মাজত থাকি উন্নয়নৰ বাবে কাম কৰি অধিক শক্তিশালী কৰি তুলিব।”
তেওঁ ব্যক্ত কৰে যে, দলৰ সমগ্ৰ শক্তি আৰু জনসমৰ্থনৰে ২০২৬ চনৰ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰি তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব।
দিলীপ শইকীয়াই লগতে দলীয় কৰ্মীসকলক উদ্দেশ্য কৰি কয়, “আমাৰ দলটোক অধিক শক্তিশালী ৰূপত গঢ়ি তুলিব লাগিব। আমাৰ সংকল্প হৈছে ৰাইজৰ উন্নয়ন আৰু দেশৰ অৰ্থনৈতিক উন্নতিৰ বাবে একসাৰকলৈ কাম কৰা।”
তেওঁৰ এই মন্তব্য দলীয় কৰ্মীসকলৰ মাজত উদ্দীপনা আৰু আশাবাদ সঞ্চাৰণ কৰিছে। মঙলদৈৰ সম্বৰ্ধনা অনুষ্ঠানত বিজেপিৰ বহু শীৰ্ষ নেতা আৰু কৰ্মী উপস্থিত থাকে।

