Sonitpur District Sahitya Sabha ।শোণিতপুৰ জিলা সাহিত্য সভাৰ চতুৰ্বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

২৩ জানুৱাৰী,২০২৫ঃ Sonitpur District Sahitya Sabha । অসম সাহিত্য সভাৰ অন্তৰ্গত শোণিতপুৰ জিলা সাহিত্য সভাৰ চতুৰ্বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনখন আজি দিনজোৰা কাৰ্যসূচীৰে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘত অনুষ্ঠিত হয়। চাৰিদুৱাৰ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু বৃহত্তৰ চাৰিদুৱাৰবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত অধিৱেশনখনত পুৱা ৮.৪৫ মিনিটত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ক্ৰমে জিলা সভাপতি ড০ ভূপেন শইকীয়া, আদৰণী সমিতিৰ সভাপতি অৰুণ ভূঞা আৰু শাখা সভাপতি মিনু হাজৰিকাই ।

স্মৃতি তৰ্পণ কৰে ক্ৰমে জিলা উপসভাপতি ষড়ানন দেৱনাথ আৰু জিলা সম্পাদক দুলাল নাথে । পুৱা ৯.৪৫ত শ্বহীদ তৰ্পণ কৰে চাৰিদুৱাৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নাৰায়ণ দাসে । ইয়াৰ পিছতে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত উপসভাপতি পদুম ৰাজখোৱা উপস্থিতিত প্ৰতিনিধি সভাখন উদ্বোধন কৰে নদুৱাৰ বিধানসভা সমষ্টিৰ কেবিনেট মৰ্যদাপ্ৰাপ্ত বিধায়ক পদ্ম হাজৰিকাই।

শোণিতপুৰ জিলা সাহিত্য সভাৰ সম্পাদক তথা নৱনিৰ্বাচিত জিলা উপসভাপতি দুলাল নাথে আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাৰ সভাপতিত্ব কৰে নৱনিৰ্বাচিত সভাপতি ড০ শুকদেৱ অধিকাৰীয়ে। সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক নবীন মল্ল বড়োৱে উদ্বোধন কৰা সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে ।

মুখ্য অতিথিৰ ভাষণত গোস্বামীয়ে কয় যে অসম সাহিত্য সভাক সকলোৱে ভাল পায়; আৰু সেয়েহে কিবা বেমেজালি দেখিলেই ৰাইজে সভাৰ সমালোচনা কৰে। অনাগত দিনত আমি সকলোৱ মিলি আমাৰ হিয়াৰ আমঠু অসম সাহিত্য সভাক বিতৰ্কমুক্ত কৰি তুলিব লাগিব। আদৰণী সমিতিৰ সভাপতি অৰুণ ভূঞাই আদৰণী ভাষণ আগবঢ়োৱা সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰা, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বাসুদেৱ শৰ্মা, জিলা প্ৰতিনিধি মহেন্দ্ৰ কুমাৰ নাথ, অসম সাহিত্য সভাৰ কুঁহি উপসমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথ, সাহিত্যিক নৰহৰি চুতীয়াই । সাহিত্য অকাডেমিৰ অনুবাদ বঁটা বিজয়ী সাহিত্যিক ড০ জুৰি দত্তই নিদিষ্ট বক্তাৰ ভাষণ আগবঢ়োৱা সভাখনত কল্পজ্যোতি নাথৰ সম্পাদিত স্মৃতিগ্ৰন্থ উন্মোচন কৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক জ্যোতিস্মান দাসে। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা মুকলি সভাখন জাতীয় সংগীত পৰিৱেশনৰে সফল সামৰণি পৰে।

Related Articles